পাটাছাৰকুছি ঃ নিজা বাতৰি দিওঁতা, ৫ মার্চ ঃ সমাগত নির্বাচনে পৰিৱেশ উত্তাল কৰি ৰখাৰ সময়তে অসমলৈ চলচিচত্রৰ জৰিয়তে আহিছে এটা শুভ সংবাদ৷ অসমৰ বিলুপ্তপ্রায় লোককলা পুতলা নাচ সন্দর্ভত পৰিচালক ৰাজেন দাসে নির্মাণ কৰা ‘লাইফ ইন৲ এ পাপেট’ৰ জৰিয়তে আহিছে এই ভাল খবৰটো৷
কলকাতাত অনুষ্ঠিত হৈ থকা ৩৭ সংখ্যক কলকাতা আন্তঃৰাষ্ট্রীয় কাল্ট আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱত আজি ৰাজেন দাস পৰিচালিত অসমীয়া চলচিচত্র ‘লাইফ ইন৲ এ পাপেট’-এ শ্রেষ্ঠ চলচিচত্র আৰু শ্রেষ্ঠ পৰিচালনাৰ শিতানত দুটাকৈ সন্মানীয় বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ বিশ্বৰ বহুসংখ্যক নামী-দামী চলচিচত্রৰ মাজত প্রতিদ্বন্দ্বিতা আগবঢ়াই অসমৰ ‘লাইফ ইন৲ এ পাপেট’-এ শ্রেষ্ঠ চলচিচত্র শিতানত লাভ কৰে ‘আউটষ্টেণ্ডিং এচিভমেণ্ট এৱার্ড’৷ অসম সন্তান ৰাজেন দাসলৈও এই ছবিখনৰ বাবে শ্রেষ্ঠ পৰিচালনা শিতানত আগবঢ়োৱা হৈছে একে বঁটা৷
উল্লেখযোগ্য যে আগশাৰীৰ আন্তঃৰাষ্ট্রীয় চিনে আলোচনী ‘কাল্ট ক্রিকিট’-এ কলকাতাত অনুষ্ঠিত কৰা এই আন্তঃৰাষ্ট্রীয় মহোৎসৱত আমেৰিকা, কানাডা, ইটালি, ফ্রান্স, জার্মানি, গ্রেট ব্রিটেইন আদি বিশ্বৰ বহুকেইখন দেশৰ আগশাৰীৰ চলচিচত্রই যোগদান কৰিছিল৷ আজি কলকাতাৰ মাজমজিয়াৰ ঐতিহাসিক ৰ’টাৰী সদনত অনুষ্ঠিত হয় নির্বাচিত চলচিচত্রসমূহৰ এক বিশেষ প্রদর্শন৷ সেই অনুসৰি আজি কলকাতাত বিশ্বৰ চলচিচত্র নির্মাতাসকলৰ লগতে কলকাতাৰ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্রদর্শন হয় জুৰী মণ্ডলীয়ে নির্বাচন কৰা ৰাজেন দাস পৰিচালিত পুতলা নাচ ভিত্তিক অসমীয়া চলচিচত্র ‘লাইফ ইন৲ এ পাপেট’৷
এই অনুষ্ঠানতে জুৰী মণ্ডলীয়ে বিশ্বৰ বহুসংখ্যক ছবিৰ মাজৰ পৰা এক কঠিন প্রতিদ্বন্দ্বিতাৰ অন্তত অসমৰ ‘লাইফ ইন৲ এ পাপেট’লৈ আগবঢ়ায় শ্রেষ্ঠ শিতানত ‘আউটষ্টেণ্ডিং এচিভমেণ্ট এৱার্ড’৷ সেইদৰে ‘লাইফ ইন৲ এ পাপেট’ৰ পৰিচালক ৰাজেন দাসলৈও শ্রেষ্ঠ পৰিচালকৰ শিতানত বিশ্বৰ বহুসংখ্যক পৰিচালকৰ মাজৰ পৰা নির্বাচিত কৰি ‘আউটষ্টেণ্ডিং এচিভমেণ্ট এৱার্ড’ আগবঢ়াই অসমবাসীক গৌৰৱান্বিত কৰে৷ উল্লেখযোগ্য যে কলকাতা আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱত উপস্থিত থকা জার্মানি, অষ্ট্রেলিয়া, কানাডা আদি দেশৰ চলচিচত্র নির্মাতাসকলে ‘লাইফ ইন৲ এ পাপেট’ প্রত্যক্ষ কৰি অভিভূত হৈ পৰে৷
তেওঁলোকে অসমত পুতলা নাচৰ দৰে এক প্রাচীন সংস্কৃতিক পুনৰুদ্ধাৰ কৰা চেষ্টাৰ বাবে পৰিচালক ৰাজেন দাসক ধন্যবাদ জ্ঞাপন কৰে৷ আনহাতে আজি কলকাতাৰ ঐতিহাসিক ৰ’টাৰী সদনত দেশ-বিদেশৰ প্রতিনিধিৰ সন্মুখত বঁটা গ্রহণ কৰি আৱেগিক হৈ পৰে পৰিচালক ৰাজেন দাস৷ অসমৰ গামোচা ডিঙিত লৈ বঁটা গ্রহণ কৰি পৰিচালক ৰাজেন দাসে আন্তঃৰাষ্ট্রীয় মহোৎসৱৰ মঞ্চৰ পৰা অসমবাসী ৰাইজ, সংবাদ মাধ্যম আৰু পুতলা নাচৰ শিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰে৷ ইফালে মহোৎসৱত আমেৰিকা, কানাডা, গ্রেট ব্রিটেইন, জার্মানি, অষ্ট্রেলিয়াকে ধৰি বিশ্বৰ প্রায় ৫০খন দেশে অংশগ্রহণ কৰিছিল৷
Comments