গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্টাৰ, ৫ মার্চ ঃ পুনৰ আত্মপ্রকাশ কৰিব অগপ প্রগতিশীলে৷ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তক এইবাৰ দলে বঢ়মপুৰ সমষ্টিৰ পৰা প্রার্থিত্ব প্রদান নকৰাৰ সিদ্ধান্ত লোৱাৰ পাছতেই মহন্তই অগপ (প্র)ক পুনৰ শক্তিশালী কৰাৰ চেষ্টা চলাইছে৷ এই ক্ষেত্রত মহন্তই তেওঁৰ পুৰণি সতীর্থসকলৰ সৈতে যোগাযোগ স্থাপন কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইন-বিৰোধী স্থিতি গ্রহণ কৰা কংগ্রেছৰ সৈতেও কথা পাতিছে৷
আনকি নাগৰিকত্ব সংশোধনী আইন আৰু বিজেপিক উৎখাত কৰাৰ সংকল্পৰে কংগ্রেছৰ নেতৃত্বত গঠিত মহাজোঁটত অংশগ্রহণ কৰাৰ সন্দর্ভত অসমৰ পর্যবেক্ষকৰ দায়িত্বত থকা জ্যেষ্ঠ কংগ্রেছী নেতা জিতেন্দ্র সিঙৰ সৈতে বৈঠকতো মিলিত হৈছে৷ জানিব পৰা মতে, মহাজোঁটত অংশগ্রহণ কৰাৰ বাবে আগ্রহ প্রকাশ কৰাৰ লগতে ৰাজ্যৰ পোন্ধৰটা সমষ্টিও বিচাৰিছে অগপ (প্র)ই৷ অৱশ্যে এই সন্দর্ভত কংগ্রেছে এতিয়ালৈকে কোনো সিদ্ধান্ত গ্রহণ কৰা নাই৷ আজি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই মহন্তই কংগ্রেছৰ সৈতে যোগাযোগ কৰাৰ কথা প্রকাশ কৰিছে যদিও ইয়াতকৈ তেওঁ অধিক কোনো কথাই ক’ব খোজা নাই৷
ইফালে, মহন্তৰ ঘনিষ্ঠ সূত্রৰ পৰা জানিব পৰা মতে, যদিহে অগপ (প্র)ই মহাজোঁটত অংশগ্রহণ নকৰে তেনেহ’লে নিজাকৈয়ে তেওঁলোকে ৰাজ্যৰ কমেও পোন্ধৰটা সমষ্টিত প্রার্থী থিয় কৰাব৷ আনকি মহন্তই বঢ়মপুৰ সমষ্টিৰ উপৰি কলিয়াবৰ সমষ্টিৰ পৰাও নির্বাচন খেলাৰ চিন্তা-চর্ কৰিছে৷ সূত্রটোৰ মতে, অগপই প্রার্থিত্বৰ তালিকা প্রকাশ কৰালৈহে অপেক্ষা কৰি আছে অগপ (প্র)ই৷ অগপই প্রার্থীৰ তালিকা ঘোষণা কৰাৰ পাছতেই অগপ (প্র)ই কোন সমষ্টিত কাক প্রার্থিত্ব দিব সেয়া ঠিক কৰিব৷
প্রার্থিত্বৰ পৰা বঞ্চিত হোৱা মহন্তৰ ঘনিষ্ঠ হিচাপে পৰিচিত লখিমপুৰৰ বিধায়ক উৎপল দত্তয়ো অগপ (প্র)ৰ হৈ লখিমপুৰৰ পৰাই নির্বাচন খেলাটো নিশ্চিত হৈ পৰিছে৷ একেদৰে তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীক যদি প্রার্থিত্ব নিদিয়ে তেনেহ’লে তেৱোঁ মহন্তৰ সৈতে লগ লাগিব৷ ইফালে, কমলপুৰ সমষ্টিটো বিজেপিৰ হাতত গতাই দিয়াৰ পাছত সমষ্টিটোৰবিধায়ক সত্যব্রত কলিতায়ো মহন্তৰ সৈতে যোগাযোগ কৰাৰ কথা পোহৰলৈ আহিছে৷ এনে পৰিস্থিতিত অগপ (প্র)ই নির্বাচনত কেইখন আসনত জয়ী হ’ব সেয়া পিছৰ কথা যদিও দলটোৱে যে বিজেপি আৰু অগপ মিত্রজোঁটৰ ভোটৰ অংকত আউল লগাব সেয়া নিশ্চিত৷
Comments