গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ৫ মার্চ ঃ বিজেপি মিত্রজোঁটৰ পৰা অংশীদাৰ দল অসম গণ পৰিষদে ২৬টা সমষ্টি লাভ কৰিছে৷ আজি দিল্লীত বিজেপিৰ ৰাষ্ট্রীয় তথা ৰাজ্যিক নেতৃত্বই অগপৰ লগত অনুষ্ঠিত কৰাযৌথ সংবাদমেলত দলে লাভ কৰা ২৬টা সমষ্টিৰ নাম ঘোষণা কৰে অগপৰ সভাপতি অতুল বৰাই৷ উল্লেখযোগ্য যে ২০১৬ চনৰ নির্বাচনত অগপই বিজেপি মিত্রজোঁটৰ পৰা ২৭টা সমষ্টি লাভ কৰিছিল৷
আজি দিল্লীত অনুষ্ঠিত যৌথ সংবাদমেলত ৰাজ্যৰ বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে প্রতিদ্বন্দ্বিতা কৰিবলৈ সৌজন্যমূলকভাৱে অগপৰ দখলত থকা পাটাছাৰকুছি সমষ্টি এৰি দিছে৷ বর্তমানে অগপৰ দখলত থকা ১৪টা সমষ্টিৰ ভিতৰত মুঠ ৫টা সমষ্টি ক্রমে বঢ়মপুৰ, কমলপুৰ, পাটাছাৰকুছি, নাহৰকটীয়া আৰু লখিমপুৰ সমষ্টি বিজেপিয়ে লাভ কৰিছে৷
অগপৰ সভাপতি বৰাই আজি ঘোষণা কৰা তালিকা অনুসৰি দলটোৱ লাভ কৰা সমষ্টিসমূহ ক্রমে চাবুৱা, আমগুৰি, টীয়ক, দেৰগাঁও, বোকাখাত, কলিয়াবৰ, ৰহা, পশ্চিম গুৱাহাটী, ছয়গাঁও, বকো, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, মানকাচৰ, অভায়পুৰী উত্তৰ, অভয়াপুৰী দক্ষিণ, বঙাইগাঁও, বৰপেটা, ভৱানীপুৰ, চেঙা, সৰুক্ষেত্রী, তেজপুৰ, আলগাপুৰ, কৰিমগঞ্জ দক্ষিণ, দলগাঁও, নাওবৈচা আৰু যমুনামুখ৷
মিত্রজোঁটৰ পৰা লাভ কৰা সমষ্টিৰ তালিকা ঘোষণা কৰি অগপৰ সভাপতি বৰাই সংবাদ মাধ্যমৰ আগত কয় যে এইবাৰ দলে বর্তমানে থকা ১৪টা সমষ্টিতকৈ অধিক সমষ্টিত জয়লাভ কৰিব৷ ৰাজ্যত পুনৰবাৰ বিজেপি মিত্রজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী কৰি অগপৰ সভাপতি বৰাই কয় যে নৱগঠিত দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে বিজেপি মিত্রজোঁটক কোনোধৰণে ক্ষতি কৰিব নোৱাৰে৷
Comments