গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ৫ মার্চ ঃ বৰাক আৰু পাহাৰীয়া জিলাৰ বাহিৰে উজনি আৰু উত্তৰ অসমৰ সমষ্টিসমূহত প্রার্থিত্বৰ ক্ষেত্রত সামান্য সালসলনিৰে বিজেপিয়ে আজি অসম বিধানসভাৰ আগন্তুক নির্বাচনৰ বাবে ৭০জনীয়া প্রার্থীৰ তালিকা ঘোষণা কৰে৷ প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ’ব লগা মুঠ ৪৭টা সমষ্টিৰ ভিতৰত ৩৭টা আৰু দ্বিতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’ব লগা মুঠ ৪০টা সমষ্টিৰ ভিতৰত ৩০টা সমষ্টিৰ প্রার্থীৰ নাম ঘোষণা কৰে৷
দিল্লীত যুটীয়াভাৱে সংবাদমেল অনুষ্ঠিত কৰি বিজেপিৰ ৰাষ্ট্রীয় আৰু ৰাজ্যিক নেতৃত্বই সদৰী কৰা অনুসৰি এইবাৰৰ নির্বাচনত মুঠ ১২৬টা সমষ্টিৰ ভিতৰত বিজেপিয়ে মুঠ ৯১টা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ আনহাতে, প্রধান মিত্র দল অগপই ২৬টা, ইউ পি পি এলে ৮টা আৰু ৰাভা হাছং ঐক্যমঞ্চই এটা সমষ্টিত মিত্রতাৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই আসন-বুজাবুজিৰ লগতে নিজ দলৰ প্রার্র্থীৰ তালিকা চূড়ান্ত কৰাৰ পাছত আজি প্রথম আৰু দ্বিতীয় পর্যায়ৰ তালিকা প্রকাশ কৰে৷
তৃতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’ব লগা সমষ্টিৰ প্রার্থীৰ তালিকা আজি ঘোষণা কৰা নাই যদিও বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই প্রতিদ্বন্দ্বিতা কৰিব লগা সমষ্টিৰ নাম আজিয়েই ৰাজ্যিক নেতৃত্বই ঘোষণা কৰে৷ ৰাষ্ট্রীয় নেতৃত্বই সদৰী কৰা অনুসৰি ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে পাটাছাৰকুছি, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মাজুলী আৰু নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই জালুকবাৰীৰ পৰা প্রার্থিত্ব আগবঢ়াব৷
অর্থাৎ, আজি এই তালিকা ঘোষণা কৰাৰ লগে লগে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে বর্তমানৰ সমষ্টি সৰভোগৰ পৰিৱর্তে পাটাছাৰকুছিৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হ’ল৷ ইফালে, আজি ঘোষণা কৰা অনুসৰি প্রথম পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’ব লগা সমষ্টিসমূহৰ ভিতৰত বিজেপিয়ে নিজৰ দখলত থকা মাত্র তিনিটা সমষ্টিৰ প্রার্থীহে সলনি কৰিছে৷ সোণাৰিত নৱনীতা সন্দিকৈৰ পৰিৱর্তে ধর্মেশ্বৰ কোঁৱৰ, বিহপুৰীয়াত দেৱানন্দ হাজৰিকাৰ পৰিৱর্তে ড০ অমিয় ভূঞা আৰু লাহোৱালত ঋতুপর্ণ বৰুৱাৰ পৰিৱর্তে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাক প্রক্ষেপ কৰে৷
বর্তমানৰ একাংশ বিধায়কে সমষ্টিত জনপ্রিয়তা হেৰুওৱা বুলি উত্থাপিত অভিযোগৰ ভিত্তিত কিছু সংখ্যক বিধায়কক পুনৰ প্রার্থিত্বৰ পৰা বঞ্চিত কৰা হ’ব বুলি আগতীয়াকৈ চর্ চলিছিল যদিও মূৰকত গৈ উজনি আৰু উত্তৰ অসমত দখলত থকা সমষ্টিসমূহৰ মাত্র তিনিটাতহে প্রার্থী সলনি কৰিলে৷ অৱশ্যে, দ্বিতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’ব লগা সমষ্টিসমূহৰ ভিতৰত বৰাকৰ শিলচৰ, বৰখলা, কাটিগড়াৰ প্রার্থী সলনি কৰিছে৷ হাফলং, হাওৰাঘাট, ডিফু আৰু বৈঠালাংছ’ সমষ্টিৰো প্রার্থী গেৰুৱা দলটোৱে সলনি কৰিছে৷
দ্বিতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’ব লগা নলবাৰী সমষ্টিৰো এইবাৰ প্রার্থী সলনি কৰিছে৷ উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী ছুম’ ৰংহাঙক প্রার্থিত্বৰ পৰা বঞ্চিত কৰা হৈছে৷ ছুম’ ৰংহাঙৰ পৰিৱর্তে ডিফুত প্রার্থিত্ব দিয়া হৈছে বিদ্যাছিং সিং ইংলেঙক৷ ইফালে, মৰিয়নি, নাজিৰা, বিহপুৰীয়া আদিত নতুন মুখৰ নেতাক প্রক্ষেপ কৰা দেখা হ’ল৷ কংগ্রেছৰ দখলত থকা মৰিয়নি, নাজিৰা আদি সমষ্টি দখলৰ কৰাৰ কৌশল হিচাপে গেৰুৱা দলটোৱে এইবাৰ প্রার্থী সলনি কৰিছে৷ আজি ঘোষণা কৰা তালিকাৰ পৰা এই কথাও স্পষ্ট যে বিজেপিয়ে এইবাৰ চাহ জনগোষ্ঠীৰ ওপৰতো অধিক গুৰুত্ব দিছে৷ পাঁচটা সমষ্টিতেই চাহ জনগোষ্ঠীৰ প্রতিনিধিক প্রার্থিত্ব দিছে৷
Comments