Classifieds
View All
৬ মাৰ্চ: বিজেপিয়ে কালি ঘোষণা কৰা ৭০খন আসনৰ প্ৰাৰ্থী তালিকাত অন্তৰ্ভুক্ত হৈছে ৪ গৰাকী মহিলা আৰু এগৰাকী মুছলমান প্ৰাৰ্থীৰ নাম। তালিকাত স্থান লাভ কৰা মহিলা প্ৰাৰ্থী চাৰিগৰাকী হৈছে বটদ্ৰবাত আঙুৰলতা ডেকা, গোলাঘাটত অজন্তা নেওগ, শিৱসাগৰত সুৰভি ৰাজকোঁৱৰ আৰু হাফলঙত নন্দিতা গাৰ্লোচা।
আনহাতে একমাত্ৰ মুছলমান প্ৰাৰ্থী গৰাকী হৈছে ৰূপহীহাট সমষ্টিৰ নাজিৰ হুছেইন। প্ৰণিধানযোগ্য যে, সংসদত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ কথা কোৱা তথা সততে মহিলা সবলীকৰণৰ কথা কৈ অহা গেৰুৱা দলটোৱে ৭০ জনীয়া তালিকাত মাত্ৰ চাৰি গৰাকী মহিলাকহে স্থান দিয়া কাৰ্য্যক লৈ এতিয়া সৰ্বত্ৰে আৰম্ভ হৈছে চৰ্চা।
Comments