চাংসাৰি, ৯ মাৰ্চঃ ৮ মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে স্থানীয় শৰাইঘাট মহাবিদ্যালয়ত বিশেষ কাৰ্যসূচী পালন কৰা হয়। মহাবিদ্যালয়খনৰ নাৰী অধ্যয়ণ কোষৰ তৎপৰতাত পালন কৰা আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এক বিশেষ সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে জনমভূমিৰ পৰামৰ্শদাতা সম্পাদক ৰুবী বৰুৱা দাস। শ্ৰী মতী দাসে তেওঁৰ ভাষণত ২০২১ বৰ্ষৰ নাৰী দিৱসৰ মূলমন্ত্ৰ 'প্ৰত্যাহ্বান বাচি লওক(Choose to Challenge)' বিষয়ৰ ওপৰত বিশদভাৱে আলোকপাত কৰি ভাষণ আগবঢ়ায়। মহাবিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি আৰু সক্ৰিয় অংশগ্ৰহণে কাৰ্যসূচীৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে। মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপিকা ড. দেৱযানী দাসে গীত পৰিবেশন কৰে, প্ৰতিমা মহন্তই স্বৰচিত কবিতা পাঠ কৰে আৰু জ্যোতিৰ্ময়ী দাসে বক্তব্য ৰাখি সভাখন জীপাল কৰি তোলে। মহাবিদ্যালয়খনৰ নাৰী অধ্যয়ণ কোষৰ আহ্বায়িকা ফৰিদা চুলতানা হকে আঁত ধৰা কাৰ্যসূচীত মহাবিদ্যালয়্খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰাম গোস্বামী উপস্থিত থাকি ভাষণ প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰী সকলে ইংৰাজী ভাষাত বৰ্ণনা কৰা নাৰী দিৱসৰ ইতিহাস আৰু সমবেত সংগীত অনুপ্ৰেৰণাদায়ক আছিল। শৰাইঘাট মহাবিদ্যালয়ে আ্য়োজন কৰা আন্তৰ্জাতিক নাৰী দিৱসৰ এনে সু-ৰুচীসম্পন্ন কাৰ্যসূচী শলাগ ল’ব লগীয়া।
Comments