নলবাৰী,৮ মাৰ্চ: নলবাৰীৰ উপায়ুক্ত পূৰবী কোঁৱৰে আজি উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত এক সংবাদ মেল সম্বোধন কৰে।জিলা উপায়ুক্ত গৰাকীয়ে জানিব দিয়া জিলাখনৰ তিনিটা সমষ্টি ক্ৰমে:নলবাৰী,ধৰ্মপুৰ আৰু বৰক্ষেত্ৰীত ৩৮৮৬ গৰাকী ভোটাৰক পষ্টেল বেলটৰ জৰিয়তে ভোটদানৰ সুবিধা দিয়া হব।
ইয়াৰ সৈতে ১১ টা সেৱাৰ লোকক সংলগ্ন কৰা হৈছে।তদুপৰি নিৰ্বাচন আয়োগে জিলাখনত নিমুক্তি দিয়া ব্যয় পৰ্যবেক্ষকৰ তত্বাৱধানত এই পৰ্যন্ত ৮ লাখ ৰো অধিক টকা জব্দ কৰা হৈছে।সুকীয়াকৈ আবকাৰী বিভাগেও অবৈধ ভাবে বিক্ৰী আৰু মজুত কৰি ৰখা বহু পৰিমাণৰ সুৰা ও জব্দ কৰিছে।
উল্লেখযোগ্য আজি জিলা নিৰ্বাচনী বিষয়াই ভোটাৰক সজাগ কৰা বাবে এটি এটি ভিডিও মুকলি কৰাৰ লগতে বিভিন্ন শ্লোগান যুক্ত ভোটাৰ সজাগতা লিফলেট প্ৰকাশ কৰি উলিয়াইছে।ইপিনে জিলাখনত এইবাৰ ৫লাখ ৩৮ হাজাৰ ৯৪৩ গৰাকী ভোটাৰে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব।জিলাখনত "ডি' ভোটাৰৰ সংখ্যা ২৭০ গৰাকী।আজিৰ এই সংবাদ মেলত অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা,নিৰ্বাচনী বিষয়া প্ৰাঞ্জল বৰুৱা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনু ৰাণী ৰাজবংশী উপস্থিত আছিল।
Comments