৮ মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজিৰ দিনটোতে ৰাজ্যৰ বহুকেইগৰাকী হাই প্ৰফাইল প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিলে।কৃষক নেতা অখিল গগৈয়ে কাৰাগাৰৰ পৰাই খেলিব নিৰ্বাচন।বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অখিল গগৈয়েও শিৱসাগৰ সমষ্টিৰ বাবে জি এম চি এইচৰ অধীক্ষকৰ কাৰ্যালয়তে মনোনয়ন পত্ৰ দাখিল কৰে।কৃষক নেতা গৰাকীয়ে মনোনয়ন দিয়া সময়ত লগত উপস্থিত থাকে ৰাইজৰ দলৰ কাৰ্যকাৰী সভাপতি ভাস্কো ডি শইকীয়া।মনোনয়ন পত্ৰ দাখিলৰ সময়ত অখিল গগৈয়ে এখন বিশেষ পত্ৰৰ জৰিয়তে অসমবাসীক ৮টা আহ্বান জনায়।
অখিল গগৈয়ে জনোৱা ৮টা আহ্বান-------
১) ২০২১ৰ নিৰ্বাচনত বিজেপিক বিসৰ্জন দিবলৈ ৰাইজ ওলাই আহক।
২) জাতিদ্ৰোহী বিজেপিক পৰাভূত কৰিবলৈ অসমবাসী ৰাইজ সাজু হওঁক।
৩) দেশ বিক্ৰী কৰা বিজেপিক নিৰ্বাচনত শিক্ষা দিয়ক।
৪) 'কা' আনি ১ কোটি ৯০ লাখ বাংলাদেশীক আমন্ত্ৰণ জনোৱা বিজেপিক ২০২১ৰ নিৰ্বাচনত হৰুৱাব লাগিব।
৫) ভোট দিয়াৰ সময়ত প্ৰতিজন অসমবাসীয়ে কা আন্দোলনৰ ৫ জন শ্বহীদলৈ মনত পেলাওক।
৬) মোক কোনোৱে মুছলমান বিৰোধী বুলি অপপ্ৰচাৰ কৰিছে। মই মুছলমান বিৰোধী নহয়। মই সাম্প্ৰদায়িকতাৰ বিৰোধী।
৭) বিজেপিয়ে যধে মধে প্ৰাৰ্থীত্ব দি বিহাৰৰ নিৰ্বাচনৰ পুনৰাবৃত্তি নকৰিব। বিজেপিক জিকাত কোনেও সহায় নকৰিব।
৮) এতিয়াও সময় আছে, বিৰোধীয়ে বিজেপিক হৰুৱাবলৈ কৌশলগত মিত্ৰতা কৰক।
Comments