গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ৮ মার্চ ঃ ৬৭সংখ্যক ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈ ট্রফী ফুটবল অহা ১১ মার্চৰ পৰা আৰম্ভ হ’ব৷ সোমবাৰে এক সংবাদমেলযোগে আয়োজক গুৱাহাটী ক্রীড়া সন্থাই এই কথা প্রকাশ কৰে৷ ৰাজ্যৰ আগশাৰীৰ ৮টা দলে অংশগ্রহণ কৰিবলগীয়া প্রতিযোগিতাখন সমান্তৰালকৈ গুৱাহাটী আৰু মৰিগাঁৱত অনুষ্ঠিত হ’ব৷ অংশগ্রহণকাৰী আঠটা দলক দুটা গ্রুপত ভাগ কৰা হৈছে৷
সেই অনুসৰি গ্রুপ ‘এ’-ত ৰখা হৈছে গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, গুৱাহাটী টাউন ক্লাব, ওদালগুৰিৰ দৈমালু ক্লাব আৰু বঙাইগাঁৱৰ ইলেভেন ষ্টাৰ ক্লাব৷ আনহাতে, গ্রুপ ‘বি’-ত আছে অসম পুলিচ ব্লুজ, অইল ইণ্ডিয়া দুলীয়াজান, বদৌচা এছ চি (তিনিচুকীয়া) আৰু মৰিগাঁও ফুটবল ক্লাব৷
গুৱাহাটীত ১১ মার্চৰ গ্রুপ ‘এ’-ৰ উদ্বোধনী খেলত মুখামুখি হ’ব বিদ্যুৎ পৰিষদ আৰু গুৱাহাটী টাউন ক্লাব৷ আনহাতে, মৰিগাঁৱত গ্রুপ ‘বি’-ৰ ১১ মার্চৰ প্রথম খেলত অৱতীর্ণ হ’ব অসম পুলিচ ব্লুজ মৰিগাঁও এফ চি৷ প্রতিযোগিতাৰ দুয়োখন ছেমি ফাইনেল ১৮ মার্চত অনুষ্ঠিত হোৱাৰ বিপৰীতে ফাইনেল হ’ব ২০ মার্চত৷
Comments