ৰহা ঃ নিজা বাতৰি দিওঁতা, ৯ মার্চ ঃ অসম বিধানসভাৰ নির্বাচনত ভোট কেন্দ্রত থাকিবলগীয়া পর্যাপ্ত সা-সুবিধাৰ আগতীয়া বুজ ল’বলৈ নতুন দিল্লীৰ পৰা অসমলৈ অহা তিনিজনীয়া কেন্দ্রীয় পর্যবেক্ষকৰ দলটোৱে আজি ৰহালৈ আহে৷ গুৱাহাটীৰ পৰা উজনি অসমলৈ অহা তিনিজনীয়া দলটোৱে আজি নগাঁও জিলাৰ ৮২নং ৰহা সমষ্টিৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিতে থকা দীঘলীআটি প্রাথমিক বিদ্যালয়ৰ ৭ আৰু ৮ নম্বৰ ভোটগ্রহণ কেন্দ্র দুটাৰ সা-সুবিধাৰ বুজ লয়
কেন্দ্রীয় নির্বাচন আয়োগৰ পর্যবেক্ষকৰ দলটোৱে বিদ্যালয়খনৰ চৌহদ, খোৱাপানী, পোহৰ, ভাগে ভাগে থাকিবলগীয়া শৌচাগাৰৰ ব্যৱস্থাৰ বুজ ল’লে৷ আনকি কেন্দ্রীয় পর্যবেক্ষকৰ দলটোৱে দমকলৰ পানীও পৰীক্ষা কৰি সকলো ঠিক আছে বুলি সাংবাদিকক জানিবলৈ দিয়ে৷ নির্বাচন আয়োগৰ কেন্দ্রীয় পর্যবেক্ষক সুদর্শনম শ্রীনিবাসনৰ নেতৃত্বত অহা পর্যবেক্ষক দলটোৱে ৰহাৰ দীঘলীআটি, ৰহা নগৰ, ডিমৌ আদিত ভোট কেন্দ্রসমূহ পর্যবেক্ষণ কৰি আন্তঃগাঁথনিৰ বুজ লৈ সন্তুষ্টি প্রকাশ কৰে৷ পর্যবেক্ষকৰ দলটোৰ লগত নগাঁও জিলাৰ উপায়ুক্ত, ৰহাৰ চক্র বিষয়া আদিয়ে সংগ দিয়ে৷
Comments