গুৱাহাটী,১৭ মাৰ্চঃ কেন্দ্ৰীয় কেবিনেটে মঙলবাৰে হস্তশিল্প আৰু হস্ততাঁত ৰপ্তানি কৰ্প অফ ইণ্ডিয়া লিমিটেড (এইচ.এইচ.ই.চি)ক বন্ধ কৰাৰ সিদ্ধান্ত লৈছে আৰু ইয়াৰ লগতে ইয়াত কৰ্মৰত ৬৫ জন কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰে।
"নিগমত ৫৯ জন স্থায়ী কৰ্মচাৰী আৰু ছয়জন ব্যৱস্থাপনা প্ৰশিক্ষাৰ্থী কাম কৰি আছে। সকলো স্থায়ী কৰ্মচাৰী আৰু ব্যৱস্থাপনা প্ৰশিক্ষাৰ্থীক ৰাজহুৱা উদ্যোগ বিভাগৰ (ডি.পি.ই) দ্বাৰা নিৰ্ধাৰিত নিয়ম অনুসৰি স্বেচ্ছামূলক অৱসৰ আঁচনি (ভি.আৰ.এছ)ৰ লাভালাভ লাভ কৰাৰ সুযোগ দিয়া হ'ব," কেবিনেটৰ এক বিবৃতিত কোৱা হৈছে।
এইচ.এইচ.ই.চি হৈছে বস্ত্ৰ মন্ত্ৰনালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত থকা ভাৰত চৰকাৰৰ এটা উদ্যোগ।এই নিগমে ২০১৫-১৬ চনৰ পৰা নিৰন্তৰ ভাবে ক্ষতিৰ সন্মুখীন হৈ আহিছে। বিবৃতিটোত লগতে কোৱা হৈছে যে, "ইয়াৰ পুনৰুজ্জীৱিত হোৱাৰ সম্ভাৱনা কম, সেইবাবে ইয়াক বন্ধ কৰাৰ বাদে বেলেগ উপাই নাই।"
Comments