গুৱাহাটী,১৭ মাৰ্চ: ইউ.চি ৰিভাৰচাইডৰ এক অধ্যয়ন অনুসৰি, এদিয়াকেৰণ কালৰ পৰা ৫ নিযুত বছৰীয়া সাগৰীয় প্ৰাণীয়ে আজিৰ জীৱৰ লগত জিনৰ ভাগ বতৰা কৰে, যাৰ ভিতৰত আছে মানুহ।
ইউ.চি.আৰৰ ভু-তত্বৰ অধ্যাপক মেৰী ড্ৰছৰে কয় যে - "৫ নিযুত বছৰীয়া সাগৰীয় প্ৰাণীৰ কাৰো মূৰ বা কংকাল নাছিল। সেইবোৰৰ বহুখিনিক সম্ভৱতঃ সাগৰৰ মজিয়াত তিনিমাত্ৰিক বাথমেটৰ দৰে দেখা গৈছিল,এই জন্তুবোৰ ইমান অদ্ভুত আৰু ইমান পৃথক যে সেইবোৰক চাই আধুনিক শ্ৰেণীৰ জীৱবোৰক চিনাক্ত কৰাটো কঠিন" ।
সেইবোৰ বিশ্লেষণৰ বাবে, গৱেষকসকলে এদিয়াকেৰন যুগৰ পৰা চিনাক্ত কৰা ৪০ টাৰো অধিক স্বীকৃত প্ৰজাতিৰ চাৰিটা জন্তুৰ প্ৰতিনিধি বুলি বিবেচনা কৰিছিল। এই প্ৰাণীবোৰৰ দৈৰ্ঘ্য কেইমিলিমিটাৰমানৰ পৰা প্ৰায় এক মিটাৰলৈকে ।
Photo: Kimberella
কিম্বেৰেলা তেনে এক প্ৰাণী। ই এটা বহল, এটা ঘূৰণীয়া মূৰ আৰু আন এটা সংকীৰ্ণ মূৰ থকা প্ৰাণী আছিল যিয়ে সম্ভৱতঃ হাতীৰ দৰে নাকেৰে খাদ্য সংগ্ৰহ কৰিছিল । তদুপৰি, সেইবোৰে আজিৰ শামুকৰ দৰে "পেশীবহুল ভৰি" ব্যৱহাৰ কৰি চলন ফুৰণ কৰি যাব পাৰে।
Photo: Ikaria wariootia
শেহতীয়াকৈ ইভান্স আৰু ডৰচৰকে ধৰি এটা দলে আৱিষ্কাৰ কৰি ইকাৰিয়া প্ৰজাতিৰ জন্তুবোৰৰ বিশ্লেষণ কৰিছিল । উক্ত চাৰিটা জন্তু বহুকোষী আছিল । বেছিভাগৰ বাওঁ আৰু সোঁ ফালে সমতা আছিল, লগতে অকেন্দ্ৰীয়স্নায়ু প্ৰণালী আৰু পেশী আছিল। লগতে, সেইবোৰে এপপটোচিছ বুলি জনাজাত প্ৰক্ৰিয়াৰ জৰিয়তে ক্ষতিগ্ৰস্ত শৰীৰৰ অংশবোৰ মেৰামতি কৰিবলৈ সক্ষম হৈছিল।
Photo: Dikinsonia
অধ্যয়নটোত সমতল, ডিম্বাকৃতিৰ ডিকিনচনিয়াও অন্তৰ্ভুক্ত আছিল যাৰ পৃষ্ঠত বহুকেইখন বেণ্ড আৰু ত্ৰিব্ৰাচিডিয়াম আছিল। সেই প্ৰাণীবোৰে সাগৰৰ তলত বাস কৰিছিল।
এই জন্তুবোৰৰ সম্ভৱতঃ মস্তিষ্ক সৃষ্টিৰ বাবে দায়বদ্ধ জেনেটিক অংশ আছিল কাৰণ তাত সাধাৰণতে পোৱা সংবেদনশীল অঙ্গবোৰো আছিল। সেইবাবে বিজ্ঞানীয়ে এতিয়া ইহঁতৰ পৰা মানুহ সৃষ্টি হ'ব পাৰে বুলি এক ধাৰণা কৰিছে ।
Comments