Classifieds
View All
গুৱাহাটী,২০ মাৰ্চ: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আমেৰিকাৰ প্ৰতিৰক্ষা সচিব জেনেৰেল লয়েড অষ্ট্টিনৰ মাজত শেহতীয়া বৈঠকত তেওঁলোকে পৰস্পৰৰ সামৰিক সম্পৰ্ক সম্প্ৰসাৰিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
আজি এক যৌথ বিবৃতিত উল্লেখ কৰা হৈছে যে আলোচনাত মূলতঃ বিস্তৃত প্ৰতিৰক্ষা সহযোগিতা, কিছু অঞ্চলত তথ্যৰ ভাগ বতৰা আৰু পাৰস্পৰিক লজিষ্টিক সমৰ্থনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।
ৰাজনাথ সিঙে এক বিবৃত্তিত কয় যে - "আমি সামৰিক সম্পর্কক সম্প্ৰসাৰিত কৰাৰ ওপৰত গুৰুত্ব দিছো," । সচিব অষ্টিনে মন্তব্য কৰে যে "আমি বহল বিশ্বজোৰা কৌশলগত অংশীদাৰিত্বৰ সম্ভাৱনাক পূৰণ কৰিবলৈ সংকল্পবদ্ধ।"
Comments