Classifieds
View All
আমগুৰি নিজা বাতৰি দিওঁতা ২১ মাৰ্চ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমুহত যোগদানৰ প্ৰক্ৰিয়া ও বৃদ্ধি পাইছে৷ যোৱ নিশা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বাসভৱনত অনুষ্ঠিত হোৱা অনুষ্ঠানত শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সম্পাদিকা বিমি বৰুৱা , চাৰিং গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী,গৌৰিসাগৰ ব্লক মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী বুলুমনি গগৈ দত্ত আৰু শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক গৌতম চুতীয়াই অসম গণ পৰিষদত যোগাদান কৰে৷
ইয়াৰ বিমি বৰুৱা হ’ল আমগুৰি আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি ,আমগুৰি ব্লক কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক তথা অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱা প্ৰয়াত হেমন্ত বৰুৱাৰ পত্নী ৷
Comments