Classifieds
View All
গুৱাহাটী,২১ মাৰ্চ: শনিবাৰে অইল ইণ্ডিয়া লিমিটেড আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ সহযোগত সূৰ্য ক্লাৱে প্ৰদান কৰিলে ২০২১বৰ্ষৰ বিদ্যুৎ চক্ৰৱৰ্তী আৰু শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা।
বিশিষ্ট চলচ্চিত্ৰ পৰিচালক কৃপাল কলিতালৈ বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা প্ৰদান কৰাৰ সমান্তৰালকৈ বিশিষ্ট নাট পৰিচালক ৰবিজিতা গগৈক প্ৰদান কৰা হ'ল শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা ২০২১।
এই সন্মানজনক বঁটা আগবঢ়াই অইল ইণ্ডিয়া লিমিটেড পাইপলাইনৰ মুখ্য মহাপ্ৰৱন্ধক সন্দ্বীপ গোস্বামী আৰু প্ৰখ্যাত অভিনেত্ৰী মলয়া গোস্বামীয়ে। মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানটোত অভিনেতা, আবৃত্তিকাৰ তপন দাসে অংশ গ্ৰহণ কৰি দুয়োগৰাকী প্ৰয়াত শিল্পীৰ সানিধ্য স্মৰণ কৰে।
Comments