গুৱাহাটী, ২১ মার্চ ঃ কৰ’না মহামাৰীৰ সাম্প্রতিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত পলিচিহল্ডাৰসকলে সন্মুখীন হোৱা জটিল সমস্যাসমূহৰ লগত মোকাবিলা কৰিবলৈ ভাৰতীয় জীৱন বীমা নিগমে গ্রাহক-কেন্দ্রিক অন্য এটা বৃহৎ পদক্ষেপ হাতত লৈছে৷ কৰ’না-সৃষ্ট পৰিস্থিতিৰ বাবে জনসাধাৰণৰ গতিবিধিৰ ওপৰত প্রতিবন্ধকতা অনাৰ প্রতি লক্ষ্য ৰাখি, এল আই চিয়ে ইয়াৰ পলিচিহল্ডাৰসকলক তেওঁলোকৰ মেচুউৰিটি ক্লেইমৰ নথি-পত্রসমূহ দেশৰ যিকোনো স্থানত থকা তেওঁলোকৰ নিকটতম এল আই চি অফিচত জমা দিয়াৰ অনুমতি প্রদান কৰিছে৷
পলিচিৰ সেৱা প্রদানকাৰী শাখা নির্বিশেষে, যিসকলৰ মেচুউৰিটি পে’মেণ্ট দেয় হৈ আছে, সেইসকল পলিচিহল্ডাৰৰ পৰা মেচুউৰিটি ক্লেইমৰ নথি-পত্র গ্রহণ কৰিবলৈ এল আই চিয়ে ১১৩টা ডিভিজনেল অফিচ, ২০৪৮টা শাখা, ১৫২৬টা ছেটেলাইট অফিচ আৰু ৭৪টা কাষ্ট’মাৰ জ’নক অনুমতি প্রদান কৰিছে৷ অৱশ্যে, পলিচিহল্ডাৰজনৰ সঠিক ক্লেইম পে’মেণ্টৰ প্রক্রিয়াকৰণ কেৱল তেওঁৰ সংশ্লিষ্ট ছার্ভিচিং শাখাটোতহে কৰা হ’ব৷ এল আই চিৰ অল ইণ্ডিয়া নেটৱর্কৰ জৰিয়তে এই নথি-পত্রসমূহ ডিজিটেল মাধ্যমেৰে ট্রেন্সফাৰ কৰা হ’ব৷ এই সকলো কার্যালয়তে এই কার্য সম্পাদন কৰিবলৈ বিশেষভাৱে বিষয়াসকলক কর্তৃত্ব দিয়া হ’ব আৰু পলিচিহল্ডাৰসকলে এই কর্তৃত্বপ্রাপ্ত বিষয়াসকলৰ ওচৰলৈ সহায় বিচাৰি যাব পাৰিব৷ উল্লেখযোগ্য যে এই বিশেষ সুবিধা পৰীক্ষণমূলক হিচাপে তৎকালে বলৱৎ হৈ কেৱল ৩১ মার্চ, ২০২১ তাৰিখলৈকেহে থাকিব বুলি এল আই চিৰ সূত্রই জনাইছে৷
Comments