Photo Courtesy: Late Arnav J Deka
গুৱাহাটী,২২ মাৰ্চ: বৰপেটা জিলাৰ সৰুক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কাঁহ শিল্পৰ বাবে বিখ্যাত সৰ্থেবাৰীৰ অঞ্চলৰ এখন বিখ্যাত বিল হৈছে কাপলা বিল । প্ৰায় ৯১ হেক্টৰ মাটিকালিৰে আবৃত এই বিলটোক পাঁচখন গাওঁৱে আগুৰি আছে । এই বিলটোৰ পূবে হালধিবাৰী গাওঁ আৰু কালদিপথাৰ গাওঁ, পশ্চিমে বৰকাপলা গাওঁ, উত্তৰে কামাৰপাৰা গাওঁ আৰু দক্ষিণে শালমাৰা গাওঁ আছে ।
কাপলা বিলটোক সামাজিক ভাৱে মৎস্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় আৰু এই বিলৰ পৰাই প্ৰত্যেক বছৰে এক বৃহৎ ৰাজহ সংগ্ৰহ কৰা হয় । মূলতে: ইয়াত ভকুৱা,কাৱৈ,ৰৌ,বৰালি,কুছিয়া,মাগুৰ,কান্দুলি, কমন কাৰ্প, ছিলভাৰ কাৰ্পৰ উৎপাদন কৰা হয় । শীতৰ আগমনৰ লগে লগে ইয়াত দেশ-বিদেশৰ বহু পৰিভ্ৰমী পক্ষীৰ আগমন হয়। এই বছৰো দেশী-বিদেশী বহু প্ৰজাতিৰ চৰাইৰ আগমন ঘটিছিল । কাপলা বিলত পোৱা পক্ষী সমূহৰ ভিতৰত বাজ পক্ষী,মাছৰোকা,গুৱাটোকোৰা,কাঠৰোকা, কামচৰাই, পানী কাউৰী, হাড়গিলা, বৰটোকোলা, বনৰীয়া কুকুৰা, কনামুচৰি য়েই প্ৰধান ।
Photo Courtesy: Jajabor Neel
পক্ষী আৰু মাছৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ পানীত হোৱা উদ্ভিদ পোৱা যায়,অসমৰ লগতে অন্য ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ে প্ৰত্যেক বছৰে এই বিলৰ ওপৰত গৱেষণা কৰিব আহে তেনে কিছু গৱেষণাত পোৱা তথ্য মতে ইয়াত এশৰো অধিক বিভিন্ন প্ৰজাতিৰ চৰাই,মাছ আৰু প্ৰায় চৌষষ্ঠী বিধ প্ৰজাতিৰ উদ্ভিদৰ লগতে বিভিন্ন ধৰণৰ পোক-পতংগ, পখিলাৰ প্ৰজাতি পোৱা যায় । ইয়াৰ উপৰিও দহবিধমান বিপদাপন্ন পক্ষীৰ সন্ধানো এই কাপলা বিলত পোৱা গৈছে । কাপলা বিল একপ্রকাৰে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এখন বিল,এই বিল খন বিভিন্ন প্ৰজাতিৰ পক্ষীৰ বিচৰণ থলী হোৱাৰ লগতে নিবনুৱা সংস্থাপনৰ উপৰিও মীন উৎপাদনৰ আধাৰ স্থলী তৎস্বত্তেও চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা নাযায় ।
পৰ্যটন স্থলীৰ পূৰ্ণ সম্ভাৱনা থকা এই কাপলা বিলৰ উন্নতিৰ বাবে কোনো এখন চৰকাৰে গুৰুত্ব নিদিলে,বৰঞ্চ ৰাজহুৱা অভিযোগ উঠিছে যে একাংশই চৰকাৰৰ ছত্ৰছাঁয়াতে থাকি এই বিলৰ নামত আৱন্তীত ধনবোৰ আত্মসাত কৰি আহিছে । বিভিন্ন সময়ত এই পুখুৰীৰ নামত ধন অহা বুলি কথা ওলাই কিন্তু ইয়াৰ সদব্যৱহাৰ হোৱা কোনোদিনে দেখা পোৱা নগল । অত্যন্ত দুখৰ কথা যে উন্নয়নৰ সম্পূৰ্ণ সুবিধা থকা কাপলা বিলত প্ৰৱেশ কৰা কোনো মূল পথ নাই বা যিকেইটা আছে অৱস্থা একদম তথৈবচ ।
Photo Courtesy: Jajabor Neel
পুখুৰীৰ চাৰিওফাল যথেষ্ঠ আহল বহল আৰু ভালদৰে ব্যৱস্থা ললে ইয়াত বিভিন্ন ধৰণৰ কাম কৰিব পৰা যায়,বিলটোৰ ভাল ব্যৱস্থা ললে ইয়াত আৰু অধিক মাছৰ উৎপাদন হব,বহুত মানুহে নীতিবিগৰ্হিত ভাবে বিলটোত মাছ মাৰে,তাৰোপৰি অত্যাধিক মেটেকাৰ বাবে অক্সিজেনৰ অভাৱত প্ৰায়ে মাছ মৰা পৰিলক্ষিত হয় । অলাগতিয়াল মেটেকা বোৰ গুচাই পৰিষ্কাৰ কৰিলে বিলটো অত্যন্ত দেখনিয়াৰ হৈ উঠিব আৰু বিভিন্ন পৰিভ্ৰমী চৰাই আহিব ।
তদুপৰি নতুন বছৰৰ সময়ত বা মাঘ বিহুৰ সময়ত ওচৰৰ গাওঁৰ বহুত মানুহ বনভোজ খাব আহে,সেই দিশেৰে চালে এই বিলটো এক নতুন বনভোজ থলীলৈ পৰিৱৰ্তন হোৱাৰো স্থল আছে । মুঠৰ ওপৰত চাৰিওফালৰ পৰা এক সম্ভাৱনীয় স্থল কাপলা বিলক সংৰক্ষণৰ লগতে উচিত পৰিচৰ্যাৰ প্ৰয়োজন অন্যথা অদূৰ ভৱিষ্যতে ইয়াৰ অস্তিত্ব বিপদাপন্ন হব।
Comments