Cartoon
View Older
গুৱাহাটী,২৪ মাৰ্চ: ভাৰত-ভূটান সীমান্তত নিয়োজিত এছ.এছ.বিৰ ২৩ নং বেটেলিয়ানে ওদালগুৰি জিলাৰ সীমামূৰীয়া অঞ্চলৰ ২০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিশেষ "শিক্ষামূলক ভ্ৰমণ" কাৰ্য্যসূচী আৰম্ভ কৰে ।
ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অধ্যয়নৰত এইসকল ছাত্ৰ-ছাত্ৰীক গুৱাহাটীৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰোৱাৰ লগতে কেবা গৰাকীও বিশিষ্ট ব্যক্তিৰ লগত তেওঁলোকৰ মত-বিনিময়ৰো ব্যৱস্থা কৰা হৈছে ।
এই কাৰ্যসূচীৰ অংশ হিচাপে আজি ছাত্ৰ-ছাত্ৰী সকলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগত বিভিন্ন বিষয়ত মত বিনিময় কৰে । অৱসৰ প্ৰাপ্ত আৰক্ষী উপ-মহা পৰিদৰ্শক দেৱজিত হাজৰিকাৰ উপৰি এছ.এছ.বিৰ কেবাগৰাকীও বিষয়া উপস্থিত থাকে ।
Comments