আমগুৰি নিজা বাতৰি দিওঁতা ২৩ মাৰ্চ মিত্ৰ জোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আজি বিয়লি নেদাৰ আহ্বায়ক লোকনিৰ্মান স্বাস্থ্য আৰুশিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আমগুৰিত উপস্থিত হয়৷ আমগুৰি আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত বিশাল নিৰ্বাচনী সভাত ভাষন দি কংগ্ৰেছ আৰু মহাজোঁটক তীব্ৰ ভাবে সমালোচনা কৰি কয় যে - বদৰুদ্দিন আজমল নিজেই মহাজোঁট ৷
তেওঁ আকৌ মহাজোঁট বান্ধিবলৈ গৈ মহাজঁটহে লগাইছে৷ আমগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ড° অংকিতা দত্তক সমালোচনা কৰি কয়যে গৰাকী বিধায়ক হবলৈ গৈ অসমীয়া ভাষা সংস্কৃতি ধংস কৰা বদৰুদ্দিন আজমলক সংগীহিচাপেলৈছে৷ সাংসদ তপন গগৈ আৰু কামাখ্যা প্ৰসাদ তাচাৰ লগতে কেইবাজনো বিজেপি অগপৰ নেতা উপস্থিত থকা সভাত ভাষন দি ড° শৰ্মাই আৰু কয় যে কভিডৰ সময়ত কংগ্ৰেছ কৰ্মী সকল গাঁতৰ ভিতৰত সোমাই আছিল৷
কিন্তু বিজেপি চৰকাৰে সকলোকে সহায়ৰ হাত আগবঢ়ালে৷ ভাষন প্ৰসংগত তেওঁ কয় যে মাইক্ৰফাইনেন্সৰ সকলো ঋন মাফ কৰি দিয়াৰ লগে লগে বেংকৰ যোগেদি কম সুদত ঋন দিয়া হব৷ তদুপৰি মহিলা আত্মাসহায়ক গোট লৈ অনুদান আগবঢ়োৱাহব অৰুনোদয় আচঁনিৰ ধন তিনি হাজাৰলৈ বৃদ্ধি দুইলাখ লোকক স্বয়ম আচনিত সংলগ্ন কৰা ছাত্ৰীক স্কুটিৰ লগতে ছাত্ৰলৈ মটৰ চাইকেল প্ৰদান কৰাৰ কথা দোহাৰে৷ কেইবা সহস্ৰাধিক লোকৰ উপস্থিতত অনুষ্ঠিত সভাত ড° শৰ্মাই প্ৰদীপ হাজৰিকা জয়ী হোৱাৰ পাচত মুকলি গাড়ীত উঠি আমগুৰি সমষ্টি পৰিভ্ৰমন কৰিব বুলিও উল্লেখ কৰে৷
Comments