Cartoon
View Older
গুৱাহাটী,২৫ মাৰ্চ: চেন্নাই ছুপাৰ কিংছে বুধবাৰে ২০০৮ চনৰ উদ্বোধনী সংস্কৰণৰ পিছত প্ৰথম বাৰৰ এটা নতুন জাৰ্চী উন্মোচন কৰে।
নতুন ৰূপৰ জাৰ্চীত ভাৰতৰ সশস্ত্ৰ বাহিনীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে কেম'ফ্লেজ আৰু ফ্ৰেঞ্চাইজিৰ ল'গ'ৰ ওপৰত তিনিটা তৰা আছে ।
২০১৯ চনৰ আই পি এল চিজনৰ আগতে, চি.এছ.কেয়ে সশস্ত্ৰ বাহিনীৰ বাবে ২ কোটিৰ চেক প্ৰদান কৰিছিল। স্মৰ্তব্য যে অধিনায়ক এম এছ ধোনী টেৰিটৰিয়েল আৰ্মিৰ এজন সন্মানীয় লেফটেনেণ্ট কৰ্ণেল আৰু ২০১৯ চনত পেৰাচ্যুত ৰেজিমেন্টৰ সৈতে প্ৰশিক্ষণ ও লৈছিল।
চি.এছ.কেৰ চি.ই.অ' কে.এছ. বিশ্বনাথনে কৈছিল - "সশস্ত্ৰ বাহিনীৰ গুৰুত্বপূৰ্ণ আৰু নিঃস্বাৰ্থ ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে আমি এনে প্ৰয়াস হাতত লৈছো । কেম'ফ্লেজটো তেওঁলোকৰ সেৱাৰ প্ৰশংসাৰ বাবে ব্যৱহাৰ কৰা হৈছে তেওঁলোক আমাৰ বাবে প্ৰকৃত নায়ক"।
Comments