প্ৰণৱজ্যোতি দত্ত,২৫মাৰ্চ:ভাৰত-পাকিস্তানৰ মাজত চলি থকা শান্তি প্ৰক্ৰিয়াৰ মাজতে আন এক ভাল খবৰ।প্ৰথমবাৰৰ বাবে পাকিস্তানী সেনাৰ সৈতে যুটীয়াভাৱে সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিব ভাৰতীয় সেনাৰ এটা প্ৰতিনিধি দলে।
চলিত বৰ্ষৰ শেষৰফালে খাইবাৰ পাখটুনখৱা প্ৰদেশৰ নৌশেৰা জিলাত অনুষ্ঠিত হ'ব Pabbi-Antiterror-2021 শীৰ্ষক সামৰিক অনুশীলনটো।পাকিস্তানৰ মাংলা কন্টনমেন্ট, পাব্বিৰ National Counter Terrorism Centre (NCTC)ত এই অনুশীলন অনুষ্ঠিত হ'ব।
পাকিস্তান স্থলসেনাৰ প্ৰাক্তন সেনাপ্ৰধান জেনেৰেল ৰাহিল শ্বৰীফৰ তত্বাৱধানত ২০১৪ত প্ৰতিষ্ঠা কৰা National Counter Terrorism Centre (NCTC) হৈছে এক বিশ্বমানৰ সন্ত্ৰাসবাদ-প্ৰতিৰোধী প্ৰশিক্ষণ কেন্দ্ৰ।
অনুশীলন সুকলমে অনুষ্ঠিত হ'লে ই হৈ পৰিব এক ঐতিহাসিক অনুষ্ঠান য'ত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ ভূমিত এইদৰে সামৰিক অনুশীলনত মিলিত হ'ব ভাৰতীয় স্থলসেনাৰ লগতে পাকিস্তানী স্থলসেনা।
Comments