গুৱাহাটী,২৫ মাৰ্চ: প্ৰাক্তন প্ৰেয়সী অংকিতা লোখান্দিয়ে সুশান্ত সিং ৰাজপুতৰ সৈতে থকা তেওঁৰ প্ৰেমৰ সম্পৰ্কৰ ওপৰত খুব কমেই মন্তব্য প্ৰদান কৰে । কিন্তু শেহতীয়াকৈ তেওঁ ব্যক্ত কৰিছে কিছু মনৰ কথা ।
অংকিতাই কৈছিল যে সুশান্তে যেতিয়া তেওঁক এৰি গৈছিল তেতিয়া তেওঁ সম্পূৰ্ণৰূপে ভাঙি পৰিছিল । তেওঁ আনকি কাম কৰিবলৈও মন কৰা নাছিল আৰু কাৰো সৈতে কথা নপতাকৈ বিচনাত পৰি থাকিব বিচাৰিছিল ।
সুশান্তৰ লগত সম্পৰ্ক থকাৰ সময়ত তেওঁলৈ আহিছিল বহুতো বিগ বাজেটৰ চিনেমা । কিন্তু তেওঁ সেইবোৰ কৰাৰ পৰা কৰিছিল অস্বীকাৰ । অংকিতাই মন্তব্য কৰে যে সেইখিনি সময়ত তেওঁ সুশান্তৰ লগত নিজৰ সম্পৰ্কৰ স্থায়ী চিনাকি দিয়াৰ বাবে ব্যস্ত আছিল ।
তেওঁক অফাৰ কৰা ৫ খন বিগ বাজেটৰ চলচিত্ৰ সমূহ হৈছে: সঞ্জয় লীলা ভাঞ্চালিৰ দ্বাৰা পৰিচালিত বাজিৰাও মাস্তানী আৰু ৰাম লীলা,ফাৰাহ খানৰ দ্বাৰা পৰিচালিত হেপি নিউ য়েৰ, বৰুন ধাৱান অভিনীত বদলাপুৰ আৰু ছলমান খান অভিনীত চুলতান ।
Comments