Cartoon
View Older
গুৱাহাটী, ৩১ মাৰ্চঃ বিমান সেৱাৰ পৰা বঞ্চিত অঞ্চলসমূহৰ মাজত যোগাযোগ সহজ সাধ্য কৰি তোলাৰ বাবে চলোৱা প্ৰয়াসৰ অংশ হিচাপে ভাৰত চৰকাৰে হাতত লোৱা ‘উড়ান’ আঁচনিৰ অধীনত বিগত ৩ দিনত ২২ টা নতুন আকাশী পথেৰে বিমানৰ চলাচল আৰম্ভ হৈছে। এই নতুন আকাশী পথসমূহৰ ভিতৰত ৬ টা উত্তৰ পূৰ্বাঞ্চলৰ। ‘উড়ান’ আঁচনিৰ অধীনত বৰ্তমানলৈ ৩৪৭ টা পথেৰে বিমানৰ চলাচল আৰম্ভ কৰা হৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, ‘উড়ান’ আঁচনিৰ অধীনত কালি মেঘালয়ৰ শ্বিলং আৰু ত্ৰিপুৰাৰ আগৰতলাৰ মাজত চলাচল কৰিবলগীয়া প্ৰথমখন পোনপটীয়া বিমানৰ সেৱা আৰম্ভ কৰা হয়। শিলচৰ আৰু শ্বিলং সংযোগী আকাশী পথেৰে পৰহি প্ৰথম উৰণ সম্পন্ন কৰা হৈছিল।
Comments