Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,৩১ মাৰ্চ:সমগ্ৰ বিশ্বতে এতিয়া কৰ’না ভাইৰাছে আকৌ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।গোটেই বিশ্বতে কৰ’নাই এতিয়ালৈকে মুঠ ২৮লাখ ১৫হাজাৰৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে।
বিগত ২৪ ঘন্টাত বিশ্বত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে প্ৰায় ৫লাখ ২৯হাজাৰ।বিশ্বৰ বিভিন্ন দেশত যোৱা ২৪ঘন্টাত কৰ’নাই ১০হাজাৰ ৬০০ৰো অধিক লোকৰ প্ৰাণ লৈছে।
ভাৰতত নতুনকৈ কৰ’নাত ৩৫৪জনে প্ৰাণ হেৰুৱাইছে।ব্ৰাজিলত এটা দিনতে ৩হাজাৰ ৬৫০জনতকৈয়ো অধিক লোকৰ মৃত্যু ঘটিছে।দেশখনত নতুনকৈ ৮৬হাজাৰ ৭০০ৰো অধিক লোক আক্ৰান্ত হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰত নতুনকৈ ৮৫৮জনৰ মৃত্যু হৈছে।মুঠ মৃত্যুৰ তালিকাত বিশ্বৰ তৃতীয় স্থানত আছে ভাৰত।
Comments