নলবাৰী :নিজা প্ৰতিবেদক :৩০ মাৰ্চ : গণতন্ত্ৰৰ উৎসব আগন্তুক বিধান সভা নিৰ্বাচন সুকলমে সম্পন্ন কৰিবলৈ নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ বিষয়া,শিক্ষক-কৰ্মচাৰী সকলক নলবাৰী জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াৰ দ্ৰাৰা বিভিন্ন দায়িত্ব অৰ্পন কৰা হৈছে।
আজি নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি, সাধাৰণ সম্পাদক ক্ৰমে বিকাশ ভট্টাচাৰ্য্য পং কজ বৰ্মনে নলবাৰী জিলাৰ উপায়ুক্ত তথা নলবাৰী জিলা নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি আগন্তুক নিৰ্বাচনৰ বাবে যিসকল বিষয়া, শিক্ষক, কৰ্মচাৰীক নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ভোট গ্ৰহণ, ভোট গণনা পৰ্যন্ত নিৰ্বাচন সুকলমে সম্পন্ন কৰিবলৈ দায়িত্ব ভাৰ অৰ্পণ কৰা হৈছে, সেই সকল কৰ্মচাৰী ৰ বাবে খাদ্য, স্বাস্থ্য আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
বিশেষকৈ নিৰ্বাচনী বয়-বস্তু সংগ্ৰহ কৰি ভোট গ্ৰহণ কেন্দ্ৰলৈ যোৱা আৰু প্ৰক্ৰিয়া সমাপন কৰি কাৰ্যালয়ত জমা কৰা পৰ্যন্ত কৰ্মচাৰী সকলৰ সুৰক্ষা ১০০% নিশ্চিত কৰা, নিৰ্বাচনী কাৰ্য্য সম্পাদন কৰিবলৈ নলবাৰী জিলাৰ বিভিন্ন স্থানৰ পৰা কৰ্মচাৰী সকলে জিলা সদৰলৈ আহি কৰ্ম সমাপন কৰাৰ পিছত তেখেত সকলক নিজৰ কৰ্মস্থান অথবা নিজৰ গৃহলৈ যোৱাৰ সু-ব্যৱস্থা কৰা, নিয়োজিত কৰ্মচাৰী সকলক ভাল চাফ-চিকুণ পৰিবেশত আহাৰ যোগান ধৰাৰ সু-ব্যৱস্থা কৰা,কভিড,১৯ ৰ সংক্ৰমনৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰী সকলৰ সু-স্বাস্থ্য বৰ্তাই ৰখাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ও উক্ত স্মাৰক পত্ৰত উল্লেখ কৰি উপায়ুক্তক আহ্বান জনায়।
Comments