চেলেংহাট, ৩০মাৰ্চ:সোমবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈৰ মাতৃ দুলু গগৈক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃকো অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেললৈ অনা হয় স্বাস্থ্য পৰীক্ষাৰ বাবে।মধুমেহ, উচ্চৰক্তচাপ আৰু কিডনীৰ সমস্যাত ভুগি থকা প্ৰিয়দা গগৈয়ে আজি স্বাস্থ্যৰ কিছু সমস্যাৰ সন্মুখীন হোৱাত পৰিয়ালৰ লোকে ডিব্ৰুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেললৈ লৈ যায়।
মহাবিদ্যালয় খনৰ বিশেষজ্ঞ চিকিৎসকে প্ৰিয়দা গগৈক পৰীক্ষা কৰাৰ পিছত বিশেষ চিন্তাৰ কাৰণ নোহোৱাত বিয়লি ঘৰলৈ যাবলৈ দিয়ে। উল্লেখ যে, আশী উৰ্ধৰ প্ৰিয়দা গগৈয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পুত্ৰ অখিল গগৈৰ হৈ শিৱসাগৰ সমষ্টিৰ গাওঁৱে ভূঞে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল। আনহাতে কাৰাবন্দী অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হৈ মুকলি আকাশৰ তললৈ আহিব বুলি আশাৰে বাট চাই আছে মাতৃ প্ৰিয়দা গগৈয়ে।
Comments