টাইপেই (টাইৱান), ২ এপ্রিল ঃ আজি পূব টাইৱানত এটা সুৰংগৰ ভিতৰত যাত্রীৰে পৰিপূর্ণ এখন ৰে’ল আংশিকভাৱে লাইনৰ পৰা ওলাই যোৱাত ৪৮জন লোক নিহত হয় আৰু আন শতাধিক লোক আহত হয়৷ কেইবাদশকৰ ভিতৰত দ্বীপটোত এইটোৱেই আটাইতকৈ ডাঙৰ ৰে’ল দুর্ঘটনা৷ এটা পাহাৰৰ পৰা এখন মানৱবিহীন ট্রাক চলন্ত ৰে’লখনত বাগৰি পৰাত ৰে’লখন আংশিকভাৱে লাইনচু্যত হয় আৰু ট্রাকখন চুচূর্মৈ হয়৷
প্রাণ ৰক্ষা পৰা যাত্রীসকল খিৰিকীৰে ওলাই ৰে’লখনৰ মূধচৰ ওপৰেৰে খোজ কাঢ়ি নিৰাপদ স্থানলৈ আহে৷ দুর্ঘটনাটো ঘটে মনোৰম টৰকো গর্জ এলেকাত পুৱা প্রায় ৯-৩০ বজাত৷ এটা দীঘলীয়া সাপ্তাহিক বন্ধৰ প্রথম দিনটোতে এই দুর্ঘটনাটো ঘটে৷ বন্ধৰ দিন কটাবলৈ বহু লোকে এইকেইদিন ৰে’লত যাত্রা কৰিছে৷ আজি দুর্ঘটনা হোৱা ৰে’লখনত চাৰি শতাধিক যাত্রী আছিল৷ নেশ্যনেল ফায়াৰ ছার্ভিচে ৪৮জন লোক নিহত হোৱা বুলি নিশ্চিত কৰে৷ নিহতসকলৰ ভিতৰত ৰে’লখনৰ ডেকা, নৱ-বিবাহিত চালকজনো আছে৷ দুর্ঘটনাটোত শতাধিক লোক আহত হয়৷
ৰে’লৱেৰ নিউজ অফিচাৰ ৱেং হুই-পিঙে এই দুর্ঘটনাটোক টাইৱানৰ আটাইতকৈ ভয়ংকৰ ৰে’ল দুর্ঘটনা বুলি অভিহিত কৰে৷ তেওঁ কয় যে ৰে’লৱে প্রশাসনে কামত লগোৱা এখন নির্মাণ ট্রাক কাম কৰি থকা অৱস্থাত পাহাৰৰ ওপৰৰ পৰা ৰে’ল পথটোত বাগৰি পৰে৷ সেই সময়ত ট্রাকখনত কোনো লোক নাছিল৷ ৰে’লখন সুৰংগ এটাৰ পৰা আংশিকভাৱেহে ওলাই গৈছিল আৰু এটা অংশ সুৰংগটোৰ ভিতৰতে আছিল৷ উল্লেখযোগ্য যে টাইৱান এটা পর্বতময় দ্বীপ৷ ইয়াৰ আগতে ২০১৮ চনত টাইৱানত হোৱা এটা ৰে’ল দুর্ঘটনাত ১৮জন লোক নিহত হৈছিল আৰু প্রায় ২০০ লোক আহত হৈছিল৷
Comments