নতুন দিল্লী, ১ এপ্রিল ঃ দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰ ৰজনীকান্তলৈ ২০১৯ বর্ষৰ দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হৈছে৷ কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ দপ্তৰৰ মন্ত্রী প্রকাশ জাভড়েকাৰে আজি এই কথা ঘোষণা কৰে৷ তামিলনাডুৰ বিধানসভাৰ নির্বাচনলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত তামিল অভিনেতাজনলৈ ভাৰতীয় চিনেমা জগতৰ সবোর্চচ সন্মান আগবঢ়োৱাক লৈ বিতর্কৰো সৃষ্টি হৈছে৷
ৰাজ্যখনৰ বিধানসভাৰ নির্বাচনৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রৰ বিজেপিৰ চৰকাৰখনে ৰজনীকান্তক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা বুলি অভিযোগ উঠিছে৷ এই বঁটা ঘোষণা কৰাৰ লগত ৰাজ্যখনৰ নির্বাচনৰ কোনো সম্পর্ক নাই বুলি উল্লেখ কৰি জাভড়েকাৰে কয় যে ৰজনীকান্তে তামিল চিনেমা উদ্যোগলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছে৷ উল্লেখযোগ্য যে তামিলনাডুত ৬ এপ্রিলত বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ’ব৷ তামিল ছুপাৰষ্টাৰজনক ৩ মে’ত এই বঁটা প্রদান কৰা হ’ব৷
উল্লেখযোগ্য যে ৰজনীকান্তে ৩ ডিচেম্বৰত নতুন ৰাজনৈতিক দল গঠন কৰি ৰাজ্যখনৰ বিধানসভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছিল৷ তেওঁ ৩১ ডিচেম্বৰত নতুন ৰাজনৈতিক দল গঠনৰ বিষয়ে ঘোষণা কৰাৰ কথা আছিল, কিন্তু ৭০ বছৰীয়া অভিনেতাজনে এই সিদ্ধান্ত সলনি কৰে৷ তেওঁ স্বাস্থ্যজনিত কাৰণত ৰাজনীতিলৈ নহাৰ সিদ্ধান্ত লয়৷ ১৯৫০ চনৰ ১২ ডিচেম্বৰত বেংগালুৰুত এটা মাৰাঠী পৰিয়ালত জন্মগ্রহণ কৰা ৰজনীকান্তৰ প্রকৃত নাম হ’ল শিৱাজী ৰাও গাইকোৱাড়৷ পৰিয়ালৰ আর্থিক অনাটনৰ বাবে অভিনেতাজনে সামগ্রী কঢ়িওৱা শ্রমিকৰ পৰা বাছৰ কণ্ডাক্টৰলৈকে বিভিন্ন ধৰণৰ কাম কৰিছিল৷
বাছৰ কণ্ডাক্টৰ হৈ থকাৰ সময়ত তেওঁৰ টিকট কটাৰ বিশেষ ভংগিমাৰ বাবে জনপ্রিয় হৈ পৰা ৰজনীকান্তক তেওঁৰ বন্ধু-বান্ধৱসকলে অভিনয় কৰিবলৈ পৰামর্শ দিয়ে৷ ১৯৭৩ চনত বাছৰ কণ্ডাক্টৰৰ চাকৰি বাদ দি তেওঁ মাদ্রাজ ফিল্ম ইন৲ষ্টিটিউটত নামভর্তি কৰে৷ প্রথমে তেওঁ নাটকত অভিনয় কৰিছিল৷
তেওঁৰ অভিনয় প্রতিভা দেখি প্রখ্যাত প্রযোজক-পৰিচালক কে বালচন্দ্রই ১৯৭৫ চনত তামিল চিনেমা অপূর্ব ৰাগাংগলত অভিনয়ৰ সুযোগ দিয়ে৷ এই চিনেমাখনত তেওঁৰ অভিনয়ক সকলোৱে প্রশংসা কৰে৷ তেওঁ মূল চৰিত্রত অভিনয় কৰা প্রথমখন চিনেমা আছিল ১৯৭৬ চনত মুক্তি পোৱা অন্তুলেনি কথা৷ ১৯৮৩ চনত মুক্তি পোৱা অন্ধা কানুন আছিল ৰজনীকান্তৰ বলিউডত প্রথমখন চিনেমা৷ ইয়াৰ পাছত তেওঁ জীত হমাৰি, মেৰি আদালত, ৱাফাদাৰ, গিৰফটাৰ, অচলী নকলি, হাম আৰু বুলন্দীকে ধৰি কেইবাখনো চিনেমাত অভিনয় কৰে৷
১৯৮৪ত শ্রেষ্ঠ অভিনেতাৰ ফিল্ম ফেয়াৰ বঁটা লাভ কৰা অভিনেতাজনক ভাৰত চৰকাৰে ২০০০ চনত পদ্মভূষণেৰে সন্মানিত কৰিছিল৷ উল্লেখযোগ্য যে ৰজনীকান্ত তেওঁৰ অভিনয়ৰ বিশেষ শৈলীৰ বাবেও প্রখ্যাত৷ দাদা চাহেব ফাল্কে বঁটা লাভ কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰজনীকান্তক অভিনন্দন জনাইছে৷ প্রধানমন্ত্রীয়ে কয় যে কেইবাটাও প্রজন্ম ধৰি জনপ্রিয় অভিনেতাজনে যিমানখিনি কাম কৰিছে সেয়া নিচেই কমসংখ্যক লোকৰ বাবেহে সম্ভৱপৰ৷ প্রধানমন্ত্রীয়ে কয়, ‘থালাইৱাক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰাটো অতি আনন্দৰ কথা, তেওঁক অভিনন্দন জনাইছোঁ৷’
Comments