Classifieds
View All
গুৱাহাটী,২এপ্ৰিল: অভিনেত্ৰী আলিয়া ভট্ট শেহতীয়াকৈ ক'ভিডত আক্ৰান্ত হৈছে,তেওঁ এই কথাটো নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত প্ৰকাশ কৰিছে ।
বৃহস্পতিবাৰে প্ৰকাশ কৰা এক বিবৃতিত ২৮ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে লিখিছিল যে: "মই ক'ভিডত আক্ৰান্ত হৈছোঁ আৰু মই লগে লগে নিজকে ঘৰত নিলগীয়কৰণ কৰিছো । মই মোৰ চিকিৎসকৰ পৰামৰ্শৰ মতে সকলো ধৰণৰ চিকিৎসা গ্ৰহণ কৰি আছো।"
আলিয়াই তেওঁৰ প'ষ্টত সংশ্লিষ্ট অনুৰাগীসকলক ধন্যবাদ জনাই কৈছিল যে : "আপোনালোক সকলোৰে প্ৰেম আৰু সমৰ্থনৰ বাবে মই কৃতজ্ঞ। অনুগ্ৰহ কৰি আপোনালোক সুৰক্ষিত থাকক আৰু নিজৰ যত্ন লওক।"
উল্লেখযোগ্য যে আলিয়া ভট্ট মুম্বাইত সঞ্জয় লীলা ভান্সালীৰ গংগুবাই কাথিয়াৱাড়ীৰ চিত্ৰগ্ৰহণত ব্যস্ত হৈ আছিল ।
Comments