মেলব’র্ন, ৪ এপ্রিল ঃ অষ্ট্রেলিয়াৰ মহিলা ক্রিকেট দলটোৱে দেওবাৰে নিউজিলেণ্ডক ছয় উইকেটত হৰুৱাই ক্রমাগত ২২খন এদিনীয়া আন্তর্তিকত জয়ী হৈ অভিলেখ গঢ়িছে৷ এই ক্ষেত্রত দলটোৱে ২০০৩ চনত দেশখনৰ পুৰুষ দলৰ অধিনায়ক ৰিকী পণ্টিঙে কৰা ২১খন খেলৰ জয়ৰ ধাৰাক অতিক্রম কৰে৷ দেশখনৰ মহিলা দলটোৱে ২০১৭ চনৰ অক্টোবৰ মাহৰ পৰাই কোনো এদিনীয়া আন্তর্জাতিকত পৰাজয়বৰণ কৰা নাই৷
অষ্ট্রেলিয়ান অধিনায়িকা মেগ লেনিঙে তিনিখনীয়া শৃংখলাৰ আজিৰ মেচত টচত জিকি পোনতে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈ নিউজিলেণ্ডক ২১২ ৰানতে সীমাবদ্ধ ৰাখে৷ মেচখনৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মান পোৱা মেগান শ্বুটে চাৰিটা উইকেট দখল কৰে৷ প্রত্যুত্তৰত এলিচা হিলী (৬৫), এলিচ পেৰী (অপঃ ৫৬) আৰু এছলেগ গার্ডনৰ (অপঃ ৫৩) একোটাকৈ অর্ধশতকৰ সহায়ত ৬৯টা বল খেলিবলৈ বাকী থকা অৱস্থাতে অষ্ট্রেলিয়াই ছয় উইকেটত জয় সাব্যস্ত কৰে৷ বর্তমানৰ বিশ্ব চেম্পিয়ন দলটোৱে ক্রমাগত ২২খন খেলত জয়ী হৈ পণ্টিঙে ২০০৩ চনত লেথাৰিকৈ ২১খন মেচত জিকাৰ ৰেকর্ড অতিক্রম কৰে৷
Comments