Classifieds
View All
গুৱাহাটী,৪ এপ্ৰিল: শেহতীয়াকৈ অসমৰ নিৰ্বাচনৰ সমসাময়িক ভাবে অসমত দুয়ো স্ত্ৰী আৰু স্বামী খুব ট্রেণ্ডিঙত আছে । এগৰাকীয়ে কৈছে ’কা' মানিলে অসমৰ পৰা বাহিৰ কৰি দিম আৰু আনজনে কৈছে সাংবাদিকৰ ঠেং ভাঙিম । পিয়ুস আৰু আইমি বৰ্তমান অসমৰ সামাজিক মাধ্যমৰ একোটা গৰম বিষয় ।
মুঠৰ ওপৰত এই দুই বিতৰ্কই এতিয়া অসমৰ জনসাধাৰণক বেছ আমোদ দিছে । ইয়াকে লৈ এইবাৰ সদা বিতৰ্কিত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মেলিলে মুখ । তুচ্ছ তাচ্ছিল্য কৰি তেওঁ ক’লে যে, আইমি বৰুৱা মোক আমেৰিকালৈ যাওক ।
তেওঁ উল্লেখ কৰিছিল যে: “মই ’কা' নামানো,এতিয়া আইমিয়ে মোক আমেৰিকালৈ পঠাই দিয়ক । মই আমেৰিকা দেখা নাই,আৰু মোৰ কাষত এখেত আছে, এওঁ ব্ৰাজিল দেখা নাই । আইমিৰ বাবে আমি নেদেখা ঠাই দেখিবলৈ পাম । আমাক খালি থৈ নাহিব লগত ঘূৰাই লৈও আহিব ।"
Comments