আমগুৰি,৪ এপ্ৰিল:আজি শিৱসাগৰ জিলাৰ প্ৰাথমিক শিক্ষক ভৱনত সন্থাৰ সভাপতি কুশল বুঢ়াগোহাঁইৰ সভাপতিত্বত বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাৰ এখন জৰুৰী সাধাৰণ সভা অনুষ্ঠিত হয় ।
চলিত বর্ষৰ ৩০ জানুৱাৰীত গুৱাহাটী খানাপাৰাত ৰাজ্যৰ ৪৫১১ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰি শাসকীয় দলৰ চৰকাৰখনে এক চকুত লগা চমক সৃষ্টি কৰা দেখা গৈছিল । ইয়াৰ ভিতৰত শিৱসাগৰ জিলাত ১১৪৯ গৰাকী শিক্ষকে শিক্ষক আৰু ৩১২ গৰাকীয়ে টিউটৰ হিচাবে নিযুক্তি পত্ৰ লাভ কৰিছিল । কিন্তু নিযুক্তি প্রদান কৰা শিক্ষক সকলৰ বিপৰীতে প্ৰয়োজনীয় বাজেট প্ৰেৰণ নকৰাৰ বাবে দৰমহা লাভ কৰিবলৈ সক্ষম হোৱা নাই । ২০২০-২১ বৰ্ষৰ বাজেটৰ পৰা শিক্ষক হিচাবে নিযুক্তি লাভ কৰা শিক্ষক সকলে চাৰিটা মাহৰ বিপৰীতে মাত্র এটা মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ল যদিও পুনৰ দৰমহা লাভ কৰিবনে নকৰে সেইটো স্পষ্ট নহয় । এই সন্দৰ্ভত শিক্ষা বিভাগে কোনো নিৰ্দেশনা লাভ কৰা নাই বুলিও জানিব পৰা গৈছে । উল্লেখ্য যে ১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত এই সকল শিক্ষকে নিযুক্তি লাভ কৰি বুনিয়াদী প্ৰশিক্ষণ গ্রহণ কৰাৰ উপৰিও জি.পি. এফ . ,চাৰ্ভিচ বুক আদি সকলো সুবিধা লাভ কৰি সম্পূর্ণ হাৰত বেতন লাভ কৰাৰ পাছত আজি পুনৰ ২৫/৩০ বছৰৰ পাছত নিযুক্তি গ্রহণ কৰিব লগা বিষয়টো অতি দুৰ্ভাগ্যজনক বুলি শিক্ষক সমাজে জানিবলৈ দিছে । কাৰণ এইসকল শিক্ষকক পুনৰ নতুনকৈ নিযুক্তি পত্ৰ প্ৰদান কৰাৰ লগতে নতুন নিৰিখত জি পি এফৰ পৰিবৰ্তে এন পি এচৰ অধীনত দৰমহা প্ৰদানৰ ব্যৱস্থা কৰিছে যাৰ ফলত বহু সংখ্যক শিক্ষক নিযুক্তি লাভ কৰিছে যদিও প্ৰকৃতাৰ্থত লাভান্বিত নহব। ইয়াৰোপৰি বুনিয়াদী প্ৰশিক্ষণ নথকা শিক্ষক সকলক টিউটৰ হিচাবে নিযুক্তি প্রদান কৰি সম্পূর্ণ অন্যায় কৰাৰ লগতে শিক্ষক সমাজক ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন কৰিছে টিউটৰ হিচাবে নিযুক্তি লাভ কৰা শিক্ষক সকলে । যিহেতু টিউটৰ সকলক মাহিলি মাত্র ১০৫০০/ টকা প্রদান কৰিব বুলি নিযুক্তি পত্ৰত উল্লেখ কৰিছে । আজিৰ মহঙা দিনত এই সামান্য টকাৰে এটা পৰিয়াল চলাটো সম্ভৱ নহয় । আনহাতেদি ১৯৯১ চনৰ পৰা ২০০১ ভিতৰত নিযুক্তি লাভ কৰা একাংশ শিক্ষকক বুনিয়াদী প্ৰশিক্ষণ লবলৈ নিৰ্দেশনা প্ৰেৰণ কৰাৰ
বিপৰীতে আন একাংশক শিক্ষা বিভাগে কিয় প্ৰশিক্ষণ গ্রহণৰ বাবে নপঠালে ইয়াক লৈও শিক্ষক সমাজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে । কোনো শিক্ষকেই বিনা নিৰ্দেশনাত প্ৰশিক্ষণ গ্রহণ কৰিব নোৱাৰে ,তাৰোপৰি এইসকল শিক্ষকক পূর্বে প্ৰশিক্ষণ গ্রহণ নকৰাকৈ শিক্ষা বিভাগে কেনেদৰে সম্পূর্ণ হাৰত বেতন প্ৰদান কৰিছিল এই সন্দৰ্ভতো আজিৰ শিক্ষক সমাজে প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে । উল্লেখ্য যোগ্য যে ১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত এই সকল শিক্ষকৰ লগত একেটা দিনতে একেজন শিক্ষা বিষয়াৰ স্বাক্ষৰিত নিযুক্তি পত্ৰ লাভ আন একাংশ শিক্ষকক শিক্ষা বিভাগে বুনিয়াদী প্ৰশিক্ষণ গ্রহণ নকৰাকৈ কেনেদৰে সম্পূর্ণ হাৰত দৰমহা প্ৰদান কৰি আহিছে ইয়াৰ সদুত্তৰ বিচাৰিছে ভুক্তভোগী শিক্ষক সমাজে ।
ৰাজ্যখনৰ লগতে শিৱসাগৰ জিলাৰ এই সকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে শিক্ষা বিভাগে বহু বাৰ তদন্ত কৰাৰ পাছত পুনৰ উজনি অসম আয়ুক্তৰ যোগেদি দুবাৰকৈ তদন্ত কৰিছিল । ২০১৪ বৰ্ষত উজনি অসম আয়ুক্ত ম: ইফটিকাৰ হুছেইন আৰু ২০১৬ বৰ্ষত শ্ৰী মুক্তি গগৈৰ তত্ত্বাৱধানত কৰা তদন্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি শিক্ষক সকলক চলিত বর্ষৰ ৩০ জানুৱাৰীত নিযুক্তি পত্ৰ প্ৰদান কৰিছিল । কিন্তু প্ৰাথমিক শিক্ষা বিভাগৰ চৰম অৱহেলা আৰু কৰ্মদক্ষতাৰ অভাৱৰ বাবে শিৱসাগৰ জিলাৰ ৪৪ গৰাকী শিক্ষকৰ নাম বাদ পৰি ৰ'ল।ইয়াৰোপৰি বুনিয়াদী প্ৰশিক্ষণ গ্রহণ কৰা ৫৩ গৰাকী শিক্ষক প্ৰশিক্ষণপ্ৰাপ্ত তালিকাৰ পৰা বাদ পৰি যোৱাত চকুলো টুকি টুকি টিউটৰ হিচাবে নিযুক্তি পত্ৰ লাভ কৰিব লগাটো অতি দুৰ্ভাগ্যজনক । জিলা খনৰ ১৮ গৰাকী শিক্ষকৰ নামৰ বিপৰীতে দুখনকৈ বিদ্যালয়ৰ নাম লিপিৱদ্ধ হোৱাৰ লগতে দুগৰাকী শিক্ষকৰ নামৰ বিপৰীতে বিদ্যালয়ৰ নাম উল্লেখ নকৰিলে বিয়াগোম শিক্ষা বিভাগে । আনহাতেদি দুজন প্ৰশিক্ষণ গ্রহণ নকৰা শিক্ষকক শিক্ষক হিচাবে পৰিগণিত কৰাৰ বাবে জিলা খনৰ মুঠ ১২০ গৰাকী শিক্ষক আজি নিযুক্তি পত্ৰ লাভ কৰাৰ পৰা বঞ্চিত হব লগা হৈ আছে ।
আজিৰ সভাই অনতিপলমে শিক্ষা বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবে ৰৈ যোৱা আসোঁৱাহ সমূহ দূৰ কৰি বিশুদ্ধ ভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰাৰ উপৰিও টিউটৰ হিচাবে নিযুক্তি প্রদান কৰা শিক্ষক সকলক মৰ্যাদা সহকাৰে এটা পৰিয়াল চলাব পৰাকৈ আগন্তুক ৰঙালী বিহুৰ পূৰ্বে বেতন প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছে শিৱসাগৰ জিলা বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি কুশল বুঢ়াগোহাই আৰু সম্পাদক বসন্ত নেওগে । ইয়াৰোপৰি আজিৰ সভাই দীর্ঘদীনিয়া শিক্ষক সমাজৰ সমস্যাৰাজি সমাধানৰ ক্ষেত্রত জিলাখনৰ বিভিন্ন দল সংগঠন, সাংবাদিক, শুভাকাংক্ষী ব্যক্তিসকলৰ অৱদানৰ বিষয়ে শলাগ লয় । বিহুৰ পাছতেই অবিভক্ত শিৱসাগৰ জিলাৰ দল সংগঠন ,সাংবাদিক আৰু শিক্ষা বিভাগৰ বিষয়া সকলক লৈ এক অভিনন্দন অনুষ্ঠান আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰি এখন ৫১ জনীয়া আয়োজক সমিতি গঠন কৰা হৈছে বুলি সন্থাৰ সভাপতি সম্পাদকে জানিবলৈ দিছে ।
Comments