Classifieds
View All
গুৱাহাটী, ৪ এপ্ৰিলঃ জম্মু আৰু কাশ্মীৰত কভিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি শংকিত হৈ অহা সোমবাৰ অৰ্থাৎ কাইলৈৰ পৰা দুই সপ্তাহৰ বাবে নৱম শ্ৰেণীলৈকে বন্ধ দিয়া হৈছে। দশমৰ পৰা দ্বাদশ শ্ৰেণী সমূহো এসপ্তাহৰ বাবে বন্ধ থাকিব। লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিন্হাৰ কাৰ্যালয়ৰ পৰা জনোৱা হয় যে বাডগাম, কুলগাম আৰু অনন্তনাগ জিলাত বহু ছাত্ৰ-ছাত্ৰী কভিড -১৯ ত আক্ৰান্ত হোৱাৰ পিচত এই সিদ্ধান্ত গ্ৰহন কৰা হয়।
আনহাতে ধৰ্মীয় অনুষ্ঠান বা সভাতো কভিড -১৯ৰ প্ৰট’কল মানি চলাটো বাধ্যতামূলক কৰাৰ লগতে দুশজনতকৈ অধিক ব্যক্তিৰ সমাগম নিসিদ্ধ কৰা হৈছে।
Comments