গুৱাহাটী,৫ এপ্ৰিল: ৱাণ্ডাৰাছত পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয় খন এদিনীয়া খেলত পাকিস্তানৰ অপেনাৰ ফাখৰ জামানে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাণ আউট হৈছিল । ৰাণ আউট প্ৰক্ৰিয়াত বহুতো প্ৰাক্তন ক্ৰিকেটাৰে 'ফেক ফিল্ডিং' আইন উলংঘন কৰাৰ বাবে উইকেটকিপাৰ কুইন্টন ডি ককক দোষাৰোপ কৰে । অৱশ্যে, এটা দিন পিছতেই পাকিস্তানী অপেনাৰে উক্ত ৰাণ আউট তেওঁৰ দোষৰ বাবে হোৱা বুলি উল্লেখ কৰিছে ।
জামানে কয় যে: "দোষটো মোৰ আছিল কিয়নো মই আনটো মুৰৰ হেৰিছ ৰৌফক চোৱাতহে ব্যস্ত আছিলো কিয়নো মই অনুভৱ কৰিছিলো যে তেওঁ তেওঁৰ ক্ৰীজ গৈ হয়টো নাপাব,বাকীবোৰ খেলৰ ৰেফাৰীৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু মই নাভাবো যে এইটো দি ককৰ দোষ," ।
আইন ৪১.৫.১ অনুসৰি, "ষ্ট্ৰাইকাৰে বল পোৱাৰ পিছত যিকোনো বেটছমেনক বিচলিত কৰা, প্ৰতাৰণা কৰা বা বাধা প্ৰদান কৰা, শব্দ বা কাৰ্যৰ দ্বাৰা ইচ্ছাকৃতভাৱে চেষ্টা কৰাটো যিকোনো ফিল্ডাৰৰ বাবে অন্যায়।"
Comments