গুৱাহাটী,৫ এপ্ৰিল: নাৰী শিক্ষাৰ জৰিয়তে সমাজ পৰিবৰ্তনৰ উদাহৰণৰ এক সুন্দৰ দস্তাবেজ পৰিলক্ষিত হ'ল ৰাজস্থানত । ৰাজস্থানৰ বাৰ্মাৰ আৰক্ষী চকীৰ কনিষ্টবল সুনিতাৰ কাহিনীয়ে এতিয়া ইন্টাৰনেটৰ পৃথিৱীক এক নতুন উৎসাহ দিছে ।
এগৰাকী সাধাৰণ ছোৱালীৰ পৰা সমাজৰ ভ্ৰান্ত ধাৰণা ভেদি এগৰাকী কনিষ্টবললৈ যোৱা যি পৰিক্ৰমা সেয়া সঁচাই ভাল লগা ।
সুনিতাই কৈছিল, "যেতিয়া মই ওচৰৰ গাওঁৰ এজন লোকৰ সৈতে বিয়া হৈছিলো তেতিয়া মোৰ বয়স আছিল তিনিবছৰ । আমাৰ সম্প্ৰদায়ত,বাল্য বিবাহ এটা সাধাৰণ পৰম্পৰা ।মই ১৮ বছৰ হোৱাৰ পিছত মোক মোৰ শহুৰৰ ঘৰলৈ প্ৰেৰণ কৰা হ'ব। মই বিবাহৰ অৰ্থ বুজিবলৈ তেতিয়া বহুত সৰু আছিলোঁ ।যেতিয়া মই ৫ বছৰীয়া হৈছিলো, মোৰ গাওঁখনত প্ৰথম বিদ্যালয় স্থাপন হৈছিল! মই দেউতাক কৈছিলোঁ, 'মই অফিচাৰ হম,মই স্কুল যাম !' । আমাৰ ওচৰত বিদ্যুতৰ সুবিধা নাছিল, সেয়েহে মই লেম্পেৰে ৰাতিটো অধ্যয়ন কৰিছিলো। স্কুলৰ পিছত, মই ঘৰুৱা কাম আৰু কৃষিৰ কাম কৰিছিলোঁ। তথাপিও, মই সদায় শ্ৰেণীত প্ৰথম আহিছিলো!"
তেওঁ লগতে কৈছিল,"৫ম শ্ৰেণীৰ পিছত, মই চুবুৰীয়া গাওঁৰ অইন এখন বিদ্যালয়ত যাবলৈ প্ৰতিদিনে ৬ কিলোমিটাৰ খোজ কাঢ়িছিলোঁ। মোৰ চুবুৰীয়াসকলে জোকাইছিল, 'ইমান পঢ়ি কি কৰিবি? শহুৰৰ ঘৰতেইটো যাব লাগিব', 'কোনেও শিক্ষিত বোৱাৰী পছন্দ নকৰে।' কিন্তু মই ১০ম শ্ৰেণীত কঠোৰ অধ্যয়ন কৰিছিলো আৰু উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ চহৰলৈ গৈছিলো।
সেইঠাইতে মই আৰক্ষী কনিষ্টবলৰ বাবে আবেদন কৰিছিলোঁ । ৫০ জন লোকৰ ভিতৰত, মইয়ে একমাত্ৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছোৱালী আছিলো! দেউতাক ক'বলৈ মই ভয় কৰিছিলোঁ, কিন্তু মোক আচৰিত কৰি তেওঁ কৈছিল, 'তোৰ অফিচাৰ হোৱাৰ সপোন পুৰা হবই লাগিব' । ৯ মাহৰ কঠোৰ প্ৰশিক্ষণৰ পিছত, মোক মোৰ গাওঁৰ প্ৰথম মহিলা আৰক্ষী কনিষ্টবল নিযুক্ত কৰা হৈছিল; মোৰ তেতিয়া ১৯ বছৰ আছিল। মানুহে মোক অভিবাদন জনাই ক'লে, 'পুলিচ বাইদেউ আহি আছে!' ।
কিন্তু কেইমাহমান পিছত,তেওঁৰ প্ৰচণ্ড পেটৰ বিষ হ'ল আৰু চিকিৎসকসকলে পৰীক্ষা কৰি গম পালে যে তেওঁৰ ডিম্বাশয়ৰ কেঞ্চাৰ হৈছে আৰু ই দ্বিতীয় পৰ্য্যায়ত আছে ।
তেওঁ তাৰপিছত কৈছিল যে: "চিকিৎসাৰ সময়ত মোৰ সকলো চুলি মই হেৰুৱাইছিলো; এটা সময়ত, মোৰ ওজন মাত্ৰ ৩৫ কেজি আছিল। দেউতাই মোৰ চিকিৎসাত ৪ লাখ টকা ব্যয় কৰিছিল- আমাৰ চুবুৰীয়াসকলে তেওঁক সুধিছিল, 'ছোৱালীৰ লগত ইমান পইচা কিয় ব্যয় কৰি আছা?'; আন লোকসকলে মোক 'টকলা' বুলি কৈছিল। গতিকে মই নিজকে উপায়হীন হৈ ঘৰত সীমাবদ্ধ কৰি ৰাখিছিলো।
ইয়াতেই সমাপ্ত হোৱা নাছিল কেইমাহ মান পিছত তেওঁ নিজৰ জীৱনক সামাজিক কামৰ লগত নিয়োজিত কৰাৰ সিদ্ধান্ত ললে। কৰ্তব্যৰ পিছত, তেওঁ শিশুসকলক ভাল আৰু বেয়া স্পৰ্শ, পথ সুৰক্ষাৰ বিষয়ে শিকাবলৈ স্থানীয় বিদ্যালয়লৈ গৈ সজাগতা সৃষ্টি কৰিলে;তেওঁলোকে আকৌ তেওঁক 'পুলিচ বাইদেউ' বুলি মাতিবলৈ আৰম্ভ কৰিলে ।
যোৱা ৩ বছৰত, তেওঁ ১০০০ তকৈও অধিক শিশুক শিক্ষিত কৰিছে ।
সুনিতাৰ এই কাহিনীয়ে বহু যুৱতী অনুপ্ৰানিত কৰিছে । দুৰাৰোগ্য কেঞ্চাৰক হৰুৱাই সমাজৰ বাবে কাম কৰাৰ তেওঁৰ যি ইচ্ছা সেয়া সঁচাই লেখত লবলগীয়া ।
Comments