সোণাৰিত সংবাদ কৰ্মীৰ অৱস্থান ধৰ্মঘট
সোণাৰি, নিজা প্ৰতিবেদক,
৩ এপ্ৰিল :সাংবাদিকক ভাবুকি আৰু জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্য জনক মৃত্যুৰ তদন্তৰ দাবীত আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰিত সংবাদকৰ্মী সকলে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সোণাৰি প্ৰেছ ক্লাব আৰু চৰাইদেউ প্ৰেছ গীল্ডৰ যৌথ উদ্যোগত সোণাৰিৰ লাচিত উদ্যানত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতি , আছুৰ চৰাইদেউ জিলা সমিতি , টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতি , কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতি, কৃষক শ্ৰমিক সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতি , সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতি আদিয়েও সহযােগ কৰে ।
দিনৰ ১২ বজাৰ পৰা ১ বজালৈ ৰূপায়ণ কৰা এই প্রতিবাদী কাৰ্যসূচীত দল-সংগঠনৰ নেতা সকলে অংশগ্রহণ কৰি পীযুষ হাজৰিকাই সংবাদকৰ্মীক ভাবুকি প্ৰদান কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা জনােৱাৰ লগতে সংবাদ মাধ্যমৰ লােক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীৰ শেষত এই সংক্ৰান্তত অসমৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ চৰাইদেউ প্ৰেছ গীল্ড আৰু সোণাৰি প্ৰেছ ক্লাবৰ ফালৰ পৰা চৰাইদেউ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ যোগেদি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় ।
সম্পৰ্কীত বাতৰিঃ তিনিচুকীয়াত সাংবাদিকক ভাবুকিৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট
Comments