Classifieds
View All
গুৱাহাটী,৭ এপ্ৰিল: ইংলেণ্ডৰ অলৰাউণ্ডাৰ মঈন আলীয়ে চেন্নাই চুপাৰ কিংছ মেনেজমেণ্টক তেওঁৰ জাৰ্চীৰ পৰা এটা নিৰ্দিষ্ট সুৰাৰ স্পন্সৰশ্বিপৰ ল'গ' আঁতৰাবলৈ অনুৰোধ জনাইছিল। সেইমৰ্মে চেন্নাই চুপাৰ কিংছ কতৃপক্ষই তেওঁৰ এই অনুৰোধ ৰক্ষা কৰি তেওঁৰ জাৰ্চিৰ পৰা আঁতৰাবলৈ অনুমতি দিলে সুৰাৰ ল'গ' ।
মঈনে এতিয়ালৈকে ১৯ খন আই পি এল মেচ খেলি ৩০৯ ৰাণ সংগ্ৰহ কৰিছে আৰু ১০ টা উইকেট দখল কৰিছে। যোৱা মাহত মঈনে এই ছিজনত ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ অধীনত খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।
তেওঁ মন্তব্য কৰিছিল যে: "মই এমএছৰ অধীনত খেলা খেলুৱৈসকলৰ সৈতে কথা পাতিছো আৰু তেওঁলোকে মোক কয় যে তেওঁ কেনেদৰে তেওঁলোকৰ খেল উন্নত কৰে। মই বিশ্বাস কৰোঁ যে এজন মহান অধিনায়কেহে এনে কৰে । "
শেহতীয়াকৈ তেওঁক এই চিজনত চেন্নাই চুপাৰ কিংছৰ হৈ খেলা দেখিবলৈ পোৱা যাব ।
Comments