গুৱাহাটী,৭ এপ্ৰিল: ভাৰতীয় ৰে'লৱেই বিশ্বৰ সৰ্বোচ্চ ৰে'লৱে দলং চেনাব দলঙৰ সম্পূৰ্ণ কৰিলে মুখ্য বক্র অংশ। ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ লক্ষ্য হৈছে কাশ্মীৰ উপত্যকালৈ মানুহৰ যোগাযোগ বৃদ্ধি কৰা ।
উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে'লৱে লিংক প্ৰকল্পৰ অংশ হিচাপে ইয়াক ১,৪৮৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।
পেৰিছৰ আইফেল টাৱাৰতকৈ ৩৫ মিটাৰ ওখ চেনাব দলংখন এবছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ।
জম্মু-কাশ্মীৰৰ চেনাব নদীৰ পৰা ৩৫৯ মিটাৰ ওপৰত থকা পৃথিৱীৰ সৰ্বোচ্চ ৰে'লৱে দলঙৰ অৰ্ধ বৃত্ত তোৰণৰ নিৰ্মাণ আজি সম্পূৰ্ণ হয়,উত্তৰ ৰে'লৱেই এই সাফল্যক এক মাইলৰ খুঁটি বুলি অভিহিত কৰে।
চেনাব দলঙৰ মুখ্য বৈশিষ্ট্যসমূহ:
• ভাৰতীয় ৰে'লৱেই কাশ্মীৰ উপত্যকাক বাকী ৰাষ্ট্ৰৰ সৈতে সংযোগ কৰিবলৈ ইউ.এছ.বি.আৰ.এল প্ৰকল্পৰ অংশ হিচাপে চেনাব নদীৰ ওপৰত আইকনিক আৰ্ক ব্ৰীজখন নিৰ্মাণ কৰিছে ।
• এই দলংখন ১৩১৫ মিটাৰ দীঘল।
• এইখন পৃথিৱীৰ সৰ্বোচ্চ ৰেলৱে দলং যি নদীৰ পৃষ্ঠৰ পৰা ৩৫৯ মিটাৰ ওপৰত অৱস্থিত ।
Comments