Classifieds
View All
গুৱাহাটী,৭ এপ্ৰিল:শেহতীয়াকৈ পাবজি কৰ্পোৰেশ্যনে ভাৰতত পাবজি ম'বাইল ইণ্ডিয়া আৰু ইয়াৰ অন্যান্য সংস্কৰণ পুনৰ মুকলি কৰিবলৈ প্ৰস্তুতি চলাইছে । ইয়াৰ লগে লগে ভাৰতৰ লাখ লাখ পাবজি প্ৰেমী আশাবাদী যে পাবজি ম'বাইল ইণ্ডিয়াই অৱশেষত ভাৰতলৈ পুনৰ প্ৰত্যাৱৰ্তন কৰিব।
মন কৰিবলগীয়া যে তথ্য গোপনীয়তাৰ উদ্বিগ্নতাৰ বাবে ২ ছেপ্টেম্বৰ, ২০২০ তাৰিখে ভাৰত চৰকাৰে পাবজি ম'বাইল ইণ্ডিয়া নিষিদ্ধ কৰিছিল।
কিন্তু এ.এফ.কে গেমিংয়ে শেহতীয়াকৈ জনাইছে যে কুমাৰ কৃষ্ণন আয়াৰ আৰু হিউনিল চৌহানক পাবজি ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।
লক্ষণীয়ভাৱে,পাবজিয়ে এতিয়াও পাবজি ম'বাইল ইণ্ডিয়াৰ মুক্তিৰ তাৰিখৰ ওপৰত কোনো দৃঢ় ঘোষণা কৰা নাই।
Comments