গুৱাহাটী,৭ এপ্ৰিল: ৬ বছৰ আগতে, তেওঁৰ ডাঙৰ পুত্ৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল । তেওঁৰ পুত্ৰই সদায়ৰ দৰে কামলৈ গুচি গৈছিল কিন্তু কেতিয়াও ঘূৰি অহা নাছিল। এসপ্তাহপিছত, মানুহে তেওঁৰ পুত্ৰৰ মৃতদেহ এখন অটোত পাইছিল;মৃত্যুৰ সময়ত তেওঁৰ পুত্ৰৰ বয়স আছিল মাত্ৰ ৪০ বছৰ।
লগে লগে বৃদ্ধ পিতৃৰ মূৰত আকাশখন খহি পৰিছিল । তেওঁ কৈছিল: "মোৰ এটা অংশ তাৰ সৈতে মৰি গৈছিল, কিন্তু দায়িত্বৰ দ্বাৰা ভাৰাক্ৰান্ত হৈ মই শোক কৰাৰ সময় উলিয়াব পৰা নাছিলোঁ । পিছদিনা, মই মোৰ অটো চলাই ষ্টেণ্ডলৈ ঘূৰি আহিছিলো।
কিন্তু ২ বছৰৰ পিছত,পুত্ৰশোকে আমাক পুনৰ আঘাত কৰিলে– মই মোৰ আন পুত্ৰকো হেৰুৱালো। গাড়ী চলোৱাৰ সময়ত, মই এটা ফোন কল পাইছিলো– 'আপোনাৰ পুত্ৰৰ মৃতদেহ ৪ নম্বৰৰ প্লেটফৰ্মত পোৱা গৈছে,সি আত্মহত্যা কৰিছে! নিজৰ পুত্ৰক মুখাগ্নি কৰাতকৈ দুখজনক কথা এজন পিতৃৰ বাবে কি থাকিব পাৰে । মোৰ ওপৰত বোৱাৰী আৰু তেওঁলোকৰ ৪ টা সন্তানৰ দায়িত্ব আছিল যিয়ে মোক ইমান দূৰ আগুৱাই আনিছে,অন্যথা মই জীয়াই থকাৰ কোনো কাৰণ নাছিল। শ্মশানৰ জুইৰ উত্তাপত নৱম শ্ৰেণীত থকা মোৰ নাতিনীয়ে মোক সুধিছিল, 'ককা, মই স্কুল এৰিব লাগিব নেকি?' মই কৈছিলোঁ, "তোমাৰ য'ত মন তাতেই পঢ়িবা,মই পঢ়ুৱাম তোমাক!"
তেওঁ তেতিয়াৰ পৰা অধিক সময় কাম কৰা আৰম্ভ কৰিলে । তেওঁ ৰাতিপুৱা ৬ বজাত ঘৰৰ পৰা ওলাই আৰু মাজ নিশালৈকে অটো চলাই। মাহে ১০০০০ টকা আয় কৰাৰ উদ্দেশ্যে এইখিনি কষ্ট নকৰিলে তেওঁ নাতিনিয়েকৰ বিদ্যালয়ৰ মাচুল আৰু অন্যান্য খৰছৰ ৬০০০ টকা আৰু ৭ জনীয়া পৰিয়ালক খুৱাবলৈ ৪০০০ টকা উলিয়াব নোৱাৰিব ।
এবাৰ, যেতিয়া তেওঁৰ পত্নী অসুস্থ হৈ পৰিছিল, তেওঁ ঘৰে ঘৰে ভিক্ষা মাগি পত্নীৰ ঔষধ কিনিবলৈ টকা বিচাৰিব লগা হৈছিল।
তেওঁ কৈছিল, "কিন্তু যোৱা বছৰ, মোৰ নাতিনীয়ে মোক কৈছিল যে তাই তাইৰ দ্বাদশ শ্ৰেণীত ৮০% নম্বৰ লাভ কৰিছে । গোটেই দিনটো, মই মোৰ সকলো গ্ৰাহকক বিনামূলীয়া যাত্ৰা প্ৰদান কৰিছিলোঁ" । তাই কৈছিল, 'ককা, মই দিল্লীত বি.এড কৰিব বিচাৰো ।"
তাইক আন এখন চহৰত পঢ়ুৱাই শিক্ষিত কৰাটো তেওঁৰ সামৰ্থ্যৰ বাহিৰত আছিল, কিন্তু তেওঁ নাতিয়েকৰ সপোন পূৰণ কৰাৰ খাতিৰত থকা ঘৰটো বিক্ৰী কৰি মাচুল পৰিশোধ কৰিছিলে । তাৰ পিছত,তেওঁৰ পত্নী, বোৱাৰী আৰু অন্যান্য নাতি-নাতিনীসকলক তেওঁলোকৰ গাঁৱত থকা আত্মীয়সকলৰ ঘৰলৈ পঠিয়াই দিছিল । আনহাতে তেওঁ ঘৰ অবিহনে মুম্বাইত বাস কৰি আছিল ।
তেওঁ কৈছিল: "এতিয়া এবছৰ হৈ গ'ল,সঁচাকৈয়ে জীৱনটো বেয়া নহয় । মই মোৰ অটোত খাওঁ আৰু শুওঁ আৰু দিনটোত, মই মোৰ যাত্ৰীসকলক কঢ়িয়াই নিওঁ। কেতিয়াবা বহি বহি গা বিষাই যায় কিন্তু যেতিয়া নাতিনিয়ে ফোন কৰি মোক কয়, 'মই মোৰ শ্ৰেণীত প্ৰথম স্থান লাভ কৰিলো,' তেতিয়াই লগে লগে মোৰ সকলো বিষ নাইকিয়া হৈ যায়।
ভাবিয়ে ভাল লাগে তাই শিক্ষক হব,তাই আমাৰ পৰিয়ালৰ প্ৰথম স্নাতক হ'ব । মই গোটেই সপ্তাহটো গ্ৰাহকক বিনামূলীয়া যাত্ৰা প্ৰদান কৰিম ।
Comments