গুৱাহাটী, ৭ এপ্ৰিলঃ কভিড -১৯ অতিমাৰীৰ সৈতে স্বাস্থ্য সেৱা খণ্ড খাপ খাব নোৱাৰাৰ বাবেই প্ৰসূতি মৃত্যু আৰু মৃত জাতকৰ সংখ্যা বৃদ্ধি পাইছে বুলি ‘দ্যা লেন্সেট গ্ল’বেল হেল্থ’ জাৰ্নেলৰ এক অধ্যয়ণত প্ৰকাশ পাইছে।
সমগ্ৰ বিশ্বতে মৃত জাতকৰ সংখ্যাৰ হাৰ ২৮% আৰু গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়্ত প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰায় এক তৃতীয়াংশ বৃদ্ধি পাইছে। তদুপৰি বৃদ্ধি পাইছে মাতৃত্বৰ বিষন্নতা(maternal depression)।যোৱা ৩১ মাৰ্চত প্ৰকাশিত উক্ত অধ্যয়ণত দেখা গৈছে যে, অৰ্থনৈতিক ভাৱে অনগ্ৰসৰ দেশ সমমূহত কভিড -১৯ অতিমাৰীৰ প্ৰভাৱৰ বাবে প্ৰসৱকালীন তথা গৰ্ভাৱস্থাৰ অশুভ ফলাফল অসমানুপাতিক ভাৱে বৃদ্ধি পাইছে।
উক্ত অধ্যয়ণটি অছিল ব্ৰাজিল, মেক্সিক’, যুক্তৰাষ্ট্ৰ, কানাডা, ইংলেণ্ড, ডেনমাৰ্ক, নেদাৰলেণ্ডছ, ইটালী, ভাৰত, চীন আদিকে ধৰি ১৭ খন দেশৰ ৪০টা সমীক্ষাৰ বিশ্লেষণ। কভিড -১৯ ৰ বাবে হোৱা বিঘটন সমূহৰ ফলত বহু মাতৃ আৰু শিশুৰ অনাহক মৃত্যু হ’ল যিবোৰ বাৰণ কৰিব পৰা গ’ল হেঁতেন। স্বাস্থ্য যতনৰ নীতি নিৰ্দ্ধাৰক শীৰ্ষ নেতা সকলে চলিত অতিমাৰীৰ অসুবিধা সমূহৰ মাজতো তৎক্ষনিক ভাৱে সুৰক্ষিত আৰু সন্মানজনক মাতৃত্বৰ যতন পৰিৰক্ষণৰ বাবে মজবুট কৰ্মনীতিত মনোনিবেশ কৰা উচিত। সীমিত সম্পদৰ পৰিবেশৰ মাজত কেবা দশকৰ আগতে হাতত লোৱা কাৰ্যনীতি সমূহ পুনৰ কাৰ্যকৰী কৰাৰ বাবে তাৎক্ষণিক কাৰ্য প্ৰণালী হাতত লোৱাৰ প্ৰয়োজন আহি পৰিছে বুলি অধ্যয়ণটিৰ গৱেষকসকলে মন্তব্য কৰে। কভিড -১৯ অতিমাৰীৰ সৈতে খাপ খাব নোৱাৰা ক্ৰমান্বয়ে অসফল হৈ পৰা অদক্ষ স্বাস্থ্য যতন সেৱা প্ৰণালীৰ বাবেহে এনে ফল দেখা গৈছে। দৃঢ় লকডাউনে কেৱল স্বাস্থ্য যতন সেৱা গ্ৰহণতহে বাধা আনিছে।
ভাৰতৰ ক্ষেত্ৰত ইণ্ডিয়ান পপুলেশ্যন ফাউণ্ডেশ্যনৰ এইছ এম আই এছ দাতাত প্ৰতিফলিত হৈছে যে যোৱা বছৰ এপ্ৰিলৰ পৰা জুন মাহলৈ দেশজোৰা লক ডাউনৰ সময় আৰু ২০১৯ চনৰ একে সময়ৰ তুলনাত চাৰিটাতকৈ অধিক এণ্টি নেটেল চেক-আপ নোপাৱা গৰ্ভৱতী মহিলাৰ হাৰ ২৭% লৈ, আনুষ্ঠানিক প্ৰসৱ ২৮% আৰু প্ৰসৱ কালৰ যত্ন ২২% হ্ৰাস পায়। মাতৃত্ব সেৱাৰ সৈতে জড়িত সকলক সেই ক্ষেত্ৰৰ বাদে অন্য ধৰণৰ মহামাৰী সংক্ৰান্ত স্বাস্থ্য সেৱা বা ভৱিষ্যতে অভূতপূৰ্ব স্বাস্থ্য পৰিস্থিতিৰ উদ্ভৱ হ’লেও তেনে সেৱাত নিয়োজিত নকৰিবৰ বাবে গৱেষকসকলে পৰামৰ্শ আগবঢ়ায়।
Comments