Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,৭ এপ্ৰিল:কভিড পৰিস্থিতিৰ ভয়াৱহতাৰ মাজতেই দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা।ব্যক্তিগত বাহনত অকলশৰে ভ্ৰমণ কৰিলেও মাস্ক পিন্ধাটো বাধ্যতামূলক।
ন্যায়ালয়ে আজি এই নিৰ্দেশ দি কয় যে, পথত চলি থকা এখন ব্যক্তিগত বাহনো ৰাজহুৱা স্থানৰ পৰিসীমাৰ ভিতৰতে যিহেতু থাকে সেয়েহে ব্যক্তিগত বাহনত অকলে থাকিলেও ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবই লাগিব।
বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহতে সুভাষ শৰ্মা নামৰ এগৰাকী অধিবক্তাই ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।
আজি ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি ব্যক্তিগত বাহনত অকলশৰে ভ্ৰমণ কৰিলেও মাস্ক পিন্ধাটো বাধ্যতামূলক বুলি স্পষ্ট কৰি দিয়ে।
Comments