নতুন দিল্লী, ৭ এপ্রিল ঃ চাইনীজ স্মার্টফ’ন প্রস্তুতকর্ ভিভোৱে ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক বিৰাট কোহলীক ব্রেণ্ড এম্বেছেডৰ হিচাপে নিয়োগ কৰিছে৷ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ টাইটেল স্পনছ’ৰ ভিভোৰ মতে এতিয়াৰ পৰা কোম্পানীটোৰ প্রডাক্টৰ প্রম’শ্যন কৰিব কোহলীয়ে৷ কোহলীয়ে ভিভোৰ প্রডাক্টৰ ক্ষেত্রত বিজ্ঞাপনো কৰিব৷
উল্লেখনীয় যে বিগত বর্ষত চীনা সামগ্রী বর্জনৰ আধাৰত ভিভো কোম্পানী সাময়িকভাৱে আই পি এলৰ পৰা আঁতৰত আছিল যদিও চলিত বর্ষত তেওঁলোক পুনৰ টাইটেল স্পনছ’ৰ হিচাপে উলটি আহিছে৷ বিৰাট কোহলীৰ মতে ভিভোৰ এই পদক্ষেপে তেওঁক এক আগশাৰীৰ খেলুৱৈ হিচাপে প্রতিষ্ঠিত কৰিলে৷ ভিভোৰ সৈতে জড়িত হ’বলৈ পাই কোহলীয়ে নিজকে ধন্য মানিছে৷ ভিভোৰ মতে কোম্পানীৰ সকলো স্মার্টফ’ন নয়দাত প্রস্তুত কৰা হৈছে৷ ভাৰতৰ সকলো ক্ষেত্রতে স্মার্টফ’নৰ পয়োভৰ ঘটোৱাৰ লক্ষ্য লোৱা কোম্পানীটোৰ নয়দাত ১০ হাজাৰ কর্মচাৰী নিয়োজিত হৈ আছে বুলি প্রকাশ৷
Comments