Cartoon
View Older
গুৱাহাটী,৫ এপ্ৰিল: ছত্তিশগড়ত দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ জোৱান বাবলু ৰাভাৰ নশ্বৰদেহক সামৰিক মৰ্যদাৰে দিয়া হল শেষ বিদায়। অসংখ্য লোকৰ উপস্থিতিত বাবলু ৰাভাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।
যোৱা শনিবাৰে মাওবাদীৰ ভয়াৱহ আক্ৰমণত শ্বহীদ হোৱা ২২ জোৱানৰ মাজৰ এজন আছিল বাবলু ৰাভা।
যোৱা নৱেম্বৰত শেষবাৰৰ বাবে ঘৰলৈ আহিছিল তেওঁ। বিহুত পুনৰ ঘৰলৈ অহাৰ কথা আছিল যদিও সেই আশা যেন আশা হৈ ৰৈ গ’ল বাবলু ৰাভাৰ।
দুধনৈৰ দামৰাৰ বাবলু ৰাভাই মৃত্যুৰ সময়ত এৰি থৈ যায় তেওঁ ৭ বছৰীয়া কন্যা আৰু পত্নীৰ লগতে আত্মীয়-স্বজনক। বাবলু ৰাভা চি আৰ পি এফৰ কোব্ৰা বেটেলিয়নৰ জোৱান আছিল।
Comments