চাবুৱা ঃ নিজা প্রতিবেদক, ৫ এপ্রিল ঃ ৰাষ্ট্রীয় ফুটবল শিবিৰত প্রশিক্ষণৰত চাবুৱাৰ পুলুঙা গাঁৱৰ মনোজ গোহঁাই আৰু অঞ্জু গোহঁাইৰ পুত্র প্রতিভাৱান ফুটবলাৰ অনিমেশ গোহঁাই বর্তমান ৰুগীয়া হৈ পৰিছে৷ ব্যয়বহুল চিকিৎসাৰ ভাৰ বহন কৰিব নোৱৰা পৰিয়ালটোক এতিয়া সদাশয় শুভাকাংশী ৰাইজৰ সাহায্যৰ প্রয়োজন হৈছে৷ লকডাউনৰ সময়ত ফুটবল প্রশিক্ষণ শিবিৰৰ সময়ত ভৰিত আঘাত পোৱাত বিগত কেইবামাহ ধৰি ঘৰতে আবদ্ধ হৈ আছে অনিমেশ
চিকিৎসকৰ মতে, ভৰিৰ আঘাত অস্ত্রোপচাৰৰ জৰিয়তে সুস্থ হৈ উঠিব আৰু তাৰ বাবে লক্ষাধিক ধনৰ প্রয়োজন৷ অনিমেশৰ পিতৃয়ে দিন হাজিৰা আৰু খেতি কৰি পৰিয়ালটো পোহপাল দিয়াৰ লগতে ফুটবল ক্ষেত্রখনত নিজ পুত্রক আগুৱাই নিবলৈ কষ্ট কৰিবলগীয়াত পৰিছে৷ এনে সময়তে ক্রীড়া সংগঠক তথা সমাজ কর্মী দিলীপ বৰাই পৰিয়ালটোক আর্থিক আৰু অনিমেশক ক্রীড়া সম্পর্কীয় যাৱতীয় সাহায্য সহযোগিতাৰে সহানুভূতি প্রদর্শন কৰিলেও সেয়া পর্যাপ্ত নোহোৱাত সকলোৰে সহায়ৰ প্রয়োজন হৈ পৰিছে৷
ফুটবল ক্ষেত্রখনৰ সম্ভাৱনাপূর্ণ ১৮ বছৰ অনূর্ধৰ অনিমেশ গোহঁায়ে বিগত ২০১৬ত অসমৰ হৈ অংশগ্রহণ কৰিছিল ৰাষ্ট্রীয় ফুটবল ক্রীড়া প্রতিযোগিতাত৷ সেই সময়তে ভাৰতীয় দলৰ শিবিৰত অনুশীলন কৰি আছিল অনিমেশে৷ নুমলীগড়ৰ ফুটবল একাডেমিত ১৮ বছৰ অনূর্ধৰ ইণ্ডিয়ান য়ুথ লীগতো অংশগ্রহণ কৰি চাবুৱালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা সম্ভাৱনাপূর্ণ খেলুৱৈজনক সকলো শুভাকাংক্ষী ৰাইজৰ আর্থিক সাহায্যৰ প্রয়োজন হৈছে৷ গতিকে সাহায্যৰ হাত আগবঢ়াব খোজা ৰাইজে বাতৰি প্রকাশিত কাকতৰ স্থানীয় সংবাদদাতা বা সংশ্লিষ্ট কাকত গোষ্ঠীৰ সৈতে যোগাযোগ কৰিবলৈ আহবান জনোৱা হৈছে৷
Comments