নতুন দিল্লী, ৫ এপ্রিল ঃ ইণ্ডিয়ান প্রিমিয়াৰ লীগলৈ (আই পি এল) মাজত মাথোঁ কেইটামান দিন বাকী৷ ইফালে এনে সময়তে কৰ’না মহামাৰীৰ দ্বিতীয় লানি ঢৌৱে দেশৰ কেইবাখনো ৰাজ্যত ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ কৰ’নাৰ দ্বিতীয় সংক্রমণত আটাইতকৈ বেছি সংক্রমিত ৰোগী ওলাইছে মহাৰাষ্ট্রত৷ দেশত প্রতিদিনে আক্রান্ত হোৱা ৰোগীৰ আধাতকৈও বেছি হ’ল মহাৰাষ্ট্রৰ৷
এনে ক্ষেত্রত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত হ’বলগীয়া আই পি এলৰ খেলসমূহক লৈ চিন্তিত হোৱাটো স্বাভাৱিক৷ বর্ধিত সংক্রমণক ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে চলিত সপ্তাহৰ পৰাই সপ্তাহান্তিক লকডাউনৰ কথা ঘোষণা কৰিছে৷ আনহাতে, এনে পৰিস্থিতি সত্ত্বেও বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে পূর্ব নির্ধাৰিত সূচী অনুযায়ী এইবাৰৰ আই পি এলৰ খেল অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে৷ ‘লকডাউনৰ ফলত আমাৰ একো অসুবিধা নহয়, কিয়নো আমি ইয়াত খেল আয়োজনৰ বাবে ৰাজ্য চৰকাৰৰ পৰা আগতীয়াকৈ অনুমতি লৈ থৈছোঁ৷’– গাংগুলীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়৷
মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত ১০২৫ এপ্রিলত আই পি এলৰ চতুর্দশ সংস্কৰণৰ মুঠ ১০খন মেচ বায়’ বাবলৰ ভিতৰত অনুষ্ঠিত হ’ব৷ ১০ এপ্রিলত চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত ইয়াত প্রথম খেল অনুষ্ঠিত হ’ব৷ চেন্নাই, দিল্লীৰ উপৰি পঞ্জাব কিংছ ইলেভেন আৰু ৰাজস্থান ৰয়েলছে বায়’ বাবলৰ ভিতৰত ৱানখেড়েত অনুশীলন চলাই আছে৷ ইফালে বি চি চি আইৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই কয় যে ভাৰতীয় ব’র্ডে আই পি এলত জড়িত সকলো খেলুৱৈক ভেক৲চিন দিয়াৰ কথাও চিন্তা-চর্ চলাই আছে৷ এই সম্পর্কত ব’র্ডে কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে শুক্লাই৷ এইবাৰৰ আই পি এল-১৪ৰ উদ্বোধনী খেল চেন্নাইত ন এপ্রিলত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জার্ছ বাংগালোৰৰ মাজত অনুষ্ঠিত হ’ব৷
Comments