সৰুপেটা ঃ নিজা বাতৰি দিওঁতা, ৭ এপ্রিল ঃ বীৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ আত্মত্যাগ কোনো কাৰণতেই অথলে যাবলৈ দিয়া নহ’ব৷ যোৱা ৩ এপ্রিলত ছট্টিশগড়ৰ বিজাপুৰ সীমান্তত মাওবাদীৰে হোৱা সংঘর্ষত মৃত্যু হোৱা ২১০নং কোব্রা বেটেলিয়নৰ পৰিদর্শক, দুটিকৈ নাবালক সন্তানৰ পিতৃ শ্বহীদ দিলীপ কুমাৰ দাসৰ পৰিয়ালবর্গক সাত্বন্না জনোৱাৰ উদ্দেশ্যে আজি আবেলি শ্বহীদগৰাকীৰ গৃহত উপস্থিত হোৱা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সাংবাদিকৰে সৈতে হোৱা মত বিনিময় কালত এনেদৰে মন্তব্য কৰে৷
মুখ্যমন্ত্রীগৰাকীয়ে শ্বহীদ দিলীপ কুমাৰ দাসলৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি দেশবাসীয়ে অনাগত কাললৈও শ্বহীদগৰাকীৰ আত্মবলিদান সদায় স্মৰণ কৰিব বুলিও মন্তব্য কৰে৷ তেওঁৰ মন্তব্য– ‘নিশ্চিতভাৱে তেওঁ দেখুৱাই যোৱা পথেৰে আমিও আগবাঢ়িব লাগিব আৰু তেওঁৰ আধৰুৱা কামখিনি আমি সম্পূর্ণ কৰিব লাগিব৷’ ইয়াৰ পূর্বে মুখ্যমন্ত্রীগৰাকীয়ে শ্বহীদগৰাকীৰ প্রতিচছবিৰ সন্মুখত শ্রদ্ধাঞ্জলি তর্পণ কৰে৷ তাৰ পাছতেই পৰিয়ালবর্গৰ খা-খবৰ লোৱাৰ লগতে পৰিয়ালবর্গক গভীৰ সমবেদনা জ্ঞাপন কৰে৷
উল্লেখ্যযোগ্য যে মুখ্যমন্ত্রীয়ে পৰিয়ালবর্গক সমবেদনা জনোৱা কালত বিশেষকৈ শ্বহীদগৰাকীৰ পিতৃ বনমালী দাসৰ অব্যক্ত মর্মবেদনাই বহুতকে শোকাভিভূত কৰি তোলা পৰিলক্ষিত হয়৷ আনহাতে মুখ্যমন্ত্রীৰ সৈতে অহা সাংসদ তপন কুমাৰ গগৈয়ে ছট্টিশগড়ত মাওবাদীৰে সংঘর্ষত শ্বহীদ হোৱা দুয়োগৰাকী অসম সন্তানলৈ গভীৰ শ্রদ্ধা জ্ঞাপন কৰে৷ মাওবাদীৰ বর্বৰ আক্রমণক তীব্র গৰিহণা দি মাওবাদীয়েই হওক নতুবা অইন কোনোবাৱেই হওক, হত্যাকাৰী যি সি হত্যাকাৰীয়েই বুলিও তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে৷
আনহাতে বীৰ শ্বহীদগৰাকীক দেশৰ সবোর্চচ সাহসিকতাৰ বঁটা ৰাষ্ট্রপতি আৰক্ষী পদক প্রদানৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্রীৰ ওচৰত প্রদান কৰা এখন স্মাৰক-পত্রৰ জৰিয়তে দাবী তোলে বৃহত্তৰ সৰুপেটা অঞ্চলৰ ৰাইজে৷ তদুপৰি একেখন স্মাৰক-পত্রতে ঘৰখনৰ মূল উপার্জনকাৰী ব্যক্তি শ্বহীদ দিলীপ কুমাৰ দাসৰ অনুপস্থিতিত শ্বহীদগৰাকীৰ নাবালক দুই সন্তানৰ প্রতি লক্ষ্য ৰাখি শ্বহীদগৰাকীৰ পত্নী প্রাঞ্জলী দাসক ৰাজ্য চৰকাৰৰ অধীনত নিযুক্তিৰ দাবীও উত্থাপন কৰা হয়৷ উল্লেখযোগ্য যে মুখ্যমন্ত্রীৰ লগত অহা দলটোত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীয়েও সংগ দিয়াৰ লগতে বজালী জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষককে ধৰি উচচ পদস্থ আৰক্ষী বিষয়াই অংশ লয়৷
আনহাতে শ্বহীদগৰাকীৰ ওপজা গাঁও ভাৰেগাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰাও মুখ্যমন্ত্রীগৰাকীক শ্বহীদগৰাকীৰ স্মৃতি যুগমীয়াকৈ ৰখাৰ অর্থে আন দুটাকৈ দাবীসম্বলিত আন এখন স্মাৰক-পত্র মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ হাতত অর্পণ কৰা হয়৷ উক্ত স্মাৰক-পত্রত শ্বহীদ দিলীপ কুমাৰ দাসৰ ঘৰৰ সন্মুখেৰে যোৱা পথছোৱাৰ নাম শ্বহীদ দিলীপ কুমাৰ দাস পথ হিচাপে নামকৰণ কৰাৰ বাবে দাবী উত্থাপন কৰা হয়৷
তদুপৰি আন এটা দাবীযোগে শ্বহীদগৰাকীক সমাধিস্থ কৰা স্থানৰ সন্মুখেৰে যোৱা ঐতিহাসিক গোসাঁই কমল আলিৰ কেঁচা পথছোৱা পকীকৰণৰ লগতে সমাধিস্থলীৰ উক্ত স্থানত শ্বহীগৰাকীৰ এটা আবক্ষ মূর্তি স্থাপনৰো দাবী জনোৱা হৈছে৷ আনহাতে কালি নিশা প্রায় ৯ বজাত মন্ত্রী তথা অগপৰ সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতে অগপৰ কেইবাগৰাকীও নেতা-কর্মীয়ে শ্বহীদ পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে৷
Comments