গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ৭ এপ্রিল ঃ কৰ’নাক লৈ মন্ত্রীৰ ভাষ্য আৰু প্রশাসনৰ বিপৰীতমুখী স্থিতিয়ে সর্ব-সাধাৰণৰ মাজত বিভ্রান্তিৰ সৃষ্টি কৰিছে৷ খোদ স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই কৰ’নাক লৈ সম্প্রতি শংকাৰ কাৰণ নাই বুলি মন্তব্য কৰাৰ বিপৰীতে ৰাজ্যৰ এখনৰ পাছত আন এখন জিলা প্রশাসনে জাৰি কৰিছে ১৪৪ ধাৰা৷ স্বাস্থ্য মন্ত্রীৰ মতে বর্তমান ৰাজ্যত কৰ’নাক লৈ শংকা নাই৷
নিজে মাস্ক পিন্ধা নাই বাবে ৰাইজকো মাস্ক পিন্ধাৰ প্রয়োজন নাই বুলিও মন্তব্য কৰিছে মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷ তদুপৰি অসমবাসীয়ে এইবাৰ বিহু উদ৲যাপন কৰিব পাৰিব বুলিও তেওঁ অভয়বাণী শুনাইছে৷ মন্ত্রীৰ আশ্বস্ত ভৰা মন্তব্যৰ পাছত বিহুক লৈ ৰাজ্যত আয়োজন চলিছে৷ যোৱাবেলি কৰ’নাৰ বাবে বিহু উদ৲যাপন কৰিব নোৱৰা অসমীয়াই জাতীয় উৎসৱ বহাগ বিহু উলহ-মালহেৰে পালন কৰিবলৈ ইতিমধ্যে টঙালি বান্ধিছে৷ বিহু মঞ্চত অনুষ্ঠান পৰিৱেশনৰ বাবে শিল্পী সমাজো সাজু হৈছে৷
জুবিন গার্গ, অংগৰাগ (পাপন) মহন্তকে ধৰি বহুকেইজন সংগীত শিল্পীক বিহু উদ৲যাপন কমিটীয়ে বুক কৰিছে৷ ইয়াৰ মাজতেই কৰ’নাক লৈ সতর্কতা অৱলম্বন কৰিবলৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে অসম চৰকাৰক সকীয়াই দিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রী হর্ষবর্ধনেও মাস্ক পৰিধানকে ধৰি কভিড প্রট’কল মানি চলাৰ সপক্ষত মন্তব্য কৰিছে৷ জিলা উপায়ুক্তই জাৰি কৰা নির্দেশনাত স্পষ্টভাৱে কৰ’না ভাইৰাছ পর্যায়ক্রমে বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰা হৈছে৷ মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰাৰ উপৰি জনসমাগমত প্রতিবন্ধকতা আৰোপ কৰিছে৷
কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়, ৰাজ্যৰ স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু জিলা প্রশাসন পৰস্পৰৰ সামঞ্জস্যহীন মন্তব্য, স্থিতিয়ে ৰাইজক বিভ্রান্তিত পেলাইছে৷ এনে পৰিস্থিতিত বিহু উদ৲যাপন কৰিব পাৰিব নে নাই তাক লৈও দোধোৰ-মোধোৰত পৰিছে সর্বসাধাৰণ৷ বিশেষকৈ স্বাস্থ্য মন্ত্রীৰ মন্তব্য আৰু জিলা প্রশাসনৰ নির্দেশনা সম্পূর্ণ বিপৰীতমুখী হোৱাত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বিহুলৈ মাত্র ৭ দিন বাকী থকা অৱস্থাত প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিও বহু আয়োজক কমিটীয়ে এতিয়া আগুৱাব নে থমকি ৰ’ব সেই সন্দর্ভত গুণাগথা কৰিব লগীয়া হৈছে৷ ৰাজ্য চৰকাৰৰ স্পষ্ট নির্দেশনা অবিহনে সমগ্র বিষয়টো একপ্রকাৰ জটিলতাৰ মাজলৈ গতি কৰিছে৷
Comments