গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ৭ এপ্রিল ঃ ‘সংখ্যাগৰিষ্ঠতাৰে মহাজোঁটে চৰকাৰ গঠন কৰিব৷ বিজেপিৰ পৰা পৰিৱর্তন বিচাৰি অসমৰ ৰাইজে কংগ্রেছক ভোট দিছে৷’– এই মন্তব্য কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই৷ বিজেপি উৎখাত হ’ব বুলি দাবী কৰি ৰিপুন বৰাই কয় যে হতাশ হৈ এতিয়া বিজেপিয়ে যিকোনো কাম কৰিব পাৰে৷ আজি ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদমেলত প্রদেশ কংগ্রেছৰ সভাপতিজনে কয় যে ১০১খন আসন লাভৰ উদ্দেশ্যৰে নির্বাচনী যুঁজত মহাজোঁট সফল হ’ব৷
তিনিওটা পর্যায়তেই কংগ্রেছৰ নেতৃত্বত মহাজোঁটে ভাল ফল লাভ কৰিব বুলি তেওঁ কয়৷ দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ নির্বাচনত সৃষ্টি হোৱা ই ভি এম-কেন্দ্রিক বিতর্কৰ কথা উনুকিয়াই ৰিপুন বৰাই ষ্ট্রং ৰূমৰ সুৰক্ষাৰ ওপৰতো সন্দেহ প্রকাশ কৰে৷ পৰাজয় নিশ্চিত জানি বিজেপিয়ে হর্ছ ট্রেডিঙৰ আশ্রয় ল’ব পাৰে বুলিও আশংকা প্রকাশ কৰে প্রদেশ কংগ্রেছৰ সভাপতিজনে৷
‘অন্য ৰাজ্যৰ দৰে অসমতো ফল ঘোষণাৰ পাছত বিজেপিয়ে হর্ছ ট্রেডিঙৰ আশ্রয় ল’ব পাৰে৷ ষ্ট্রং ৰূমৰ সুৰক্ষাক লৈও আমি সন্দিহান৷ ষ্ট্রং ৰূমত ই ভি এম সলনি কৰিব পাৰে৷’– এইদৰে কয় ৰিপুন বৰাই৷ ষ্ট্রং ৰূমৰ বাহিৰত প্রতিটো ৰাজনৈতিক দলক নিজাববীয়াকৈ চিচি কেমেৰা সংস্থাপনৰ অনুমতি দিবলৈ প্রদেশ কংগ্রেছে দাবী জনাইছে৷ তৃতীয় পর্যায়ৰ ভোটগ্রহণৰ সময়ত কালি বৰপেটা, বৰক্ষেত্রী, পশ্চিম গুৱাহাটী, গোলকগঞ্জ আদিত সন্দেহজনকভাৱে ই ভি এম ধৰা পৰাৰ অভিযোগ তুলি ৰিপুন বৰাই এই সন্দর্ভত নির্বাচন আয়োগৰ পৰা স্পষ্টীকৰণ দাবী কৰে৷
ইফালে এ আই ইউ ডি এফেও মহাজোঁটৰ চৰকাৰ গঠন হ’ব বুলি দাবী কৰিছে৷ এ আই ইউ ডি এফে এককভাৱে ১৯খন আসন লাভ কৰিব বুলি দাবী কৰিছে দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে৷ ‘আমি প্রতিদ্বন্দ্বিতা কৰা ২১খন আসনৰ ভিতৰত ১৯খনতেই জয়ী হ’ম৷’ এইদৰে কয় ইছলামে৷ কংগ্রেছৰ সৈতে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা কৰা চেঙা, বাঘবৰত জয় নিশ্চিত আৰু সৰুক্ষেত্রী, জলেশ্বৰ, দলগাঁৱত তীব্র প্রতিদ্বন্দ্বিতা হোৱা বুলি তেওঁ কয়৷ আঞ্চলিক গণ মর্ৰ সভাপতি অজিত কুমাৰ ভূঞায়ো দাবী কৰিছে যে মহাজোঁটে অনায়াসে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব৷ মহাজোঁটে ৬৭ৰ পৰা ৭৫খনৰ ভিতৰত আসন লাভ কৰিবলৈ সক্ষম হ’ব বুলিও আজি দাবী কৰিছে ৰাজ্য সভাৰ সাংসদজনে৷
Comments