Classifieds
View All
গুৱাহাটী, ৮ এপ্ৰিলঃ ভাৰতৰ কেন্দ্রীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক অহা ১১ এপ্রিলৰ পৰা ১০০ জনৰ ওচৰাওচৰি যোগ্য হিতাধিকাৰী থকা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কর্মস্থলীত কভিড প্রতিষেধক প্রদানৰ অনুমতি প্রদান কৰিছে।
আনহাতে আকৌ, দিল্লী উচ্চ ন্যায়ালয়ে কালি এটা নির্দেশৰ জড়িয়তে ব্যক্তিগত যান-বাহনৰ ভিতৰতো মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হিচাপে ঘোষণা কৰিছে। যিহেতু বাট পথত চলাচল কৰা ব্যক্তিগত যান -বাহনসমূহো ৰাজহুৱা স্থানৰ আওতাত পৰে বুলি আদালতে মতপোষণ কৰিছে, সেয়েহে ব্যক্তিগত যান-বাহনৰ ভিতৰতো মাস্ক পৰিধান কৰাটো অপৰিহাৰ্য।
Comments